ছেপ্টেম্বৰ মাহতে ভাৰতৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে ঘূৰাই নিলে ৪৭৬ কোটি টকা

ক’ভিড–১৯ত বিধ্বস্ত দেশৰ অর্থনীতি

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   ক’ভিড সংকটৰ বাবেই দেশত বিদেশী বিনিয়োগৰ ক্ষেত্রত আহি পৰিছে প্রত্যাহ্বান৷ শেহতীয়াকৈ ছেপ্টেম্বৰ মাহত ফৰেইন ফ’টপলি’ ইনভেষ্টৰ (এফপিআই)ৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্রত থকা বিনিয়োগ কর্তন কৰা হৈছে৷ চলিত মাহৰ ২৫ তাৰিখলৈকে এফপিআয়ে ভাৰতৰ বজাৰৰ পৰা উঠাই নিছে ৪৭৬ কোটি টকা৷ উল্লেখনীয় যে এফপিআই বা ফৰেইন ফ’টপলি’ ইনভেষ্টমেণ্ট প্রত্যক্ষ বিদেশী বিনিয়োগ নহয়৷ দেশৰ বিভিন্ন বাণিজ্যৰ কোনো নির্দিষ্ট অংশত বিদেশী ব্যক্তি বা
প্রতিষ্ঠানে বিনিয়োগ কৰে৷ তথাপি ইয়াৰ দ্বাৰা বজাৰ অর্থনীতি সমৃদ্ধ হৈ থাকে৷ কিন্তু মাত্র ২৫ দিনৰ ভিতৰতে এফপিআয়ে ভাৰতৰ বজাৰৰ পৰা বিনিয়োগ কৰা ৪৭৬ কোটি টকা ওভতাই নিয়াৰ ফলত বাণিজ্যিক ক্ষেত্রখনত নতুন সংকটে দেখা দিব পাৰে৷ ভাৰত বুলিয়েই নহয়, ইউৰোপ আৰু অন্যান্য দেশত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ ফলত এনেদৰে ভাৰতৰ বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীসকলে ধন ওভতাই নিছে৷ দেশৰ বিভিন্ন কোম্পানীত থকা অংশীদাৰিত্বৰ ধন এনেদৰে বিদেশী বিনিয়োগকাৰীয়ে ওভতাই নিয়াৰ ফলত ভাৰতৰ বজাৰত প্রতিকূল প্রভাৱ পৰিব পাৰে বুলি মর্নিং ষ্টাৰ ইণ্ডিয়াৰ সহযোগী সঞ্চালক হিমাংশু শ্রীবাস্তৱে আশংকা কৰিছে৷ উল্লেখনীয় যে ইউৰোপ, আমেৰিকা আৰু চীনত ক’ভিড সংকটে নতুন ৰূপ ধাৰণ কৰিব পাৰে বুলি বহু বিদেশী বিনিয়োগকাৰীয়ে আশংকা প্রকাশ কৰিছে৷ ইয়াৰ ফলত ক’ভিড–১৯ প্রতিৰোধৰ বাবে নতুন লকডাউন আৰম্ভ হ’লে বিভিন্ন কোম্পানীত দেখা দিব মন্দাৱস্থাই৷ ইতিমধ্যে বিশ্বজুৰি ক’ভিড সংকটত বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে বহুজাতিক কোম্পানীবোৰ৷ গতিকে বিনিয়োগৰ ক্ষেত্রত বিদেশৰ ব্যৱসায়ী তথা প্রতিষ্ঠানসমূহে পূর্বেই সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷