বিশেষ ৰে’লত ৯৭ প্রব্রজিত শ্রমিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ লকডাউনৰ সময়ত প্রব্রজিত শ্রমিকক নিজ গৃহলৈ উভতি যোৱাৰ বাবে ৰে’ল বিভাগে চলাচল কৰা বিশেষ শ্রমিক ৰে’লত ৯৭ প্রব্রজিত শ্রমিকৰ মৃত্যু ঘটিছে৷ উল্লেখ্য যে চলিত সংসদৰ বর্ষাকালীন অধিৱেশনত লোকসভাত এই সন্দর্ভত কোনো তথ্য দিব পৰা নাছিল যদিও ৰাজ্যসভাত আজি তৃণমূল কংগ্রেছৰ সাংসদ ডেৰেক অব্রায়নে সোধা প্রশ্ণৰ উত্তৰত কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ গোৱেলে এই তথ্য প্রকাশ কৰে৷ তথ্য মতে ৯৭জনৰ ভিতৰত ৰাজ্যৰ আৰক্ষীয়ে ৮৭জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে আৰু ৫১ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ৰাজ্যৰ আৰক্ষীয়ে লাভ কৰিছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, হূদৰোগত আক্রান্ত, মগজু বিকল, শ্বাস–প্রশ্বাসকে ধৰি হাঁওফাঁওৰ ৰোগত আক্রান্ত হৈ এই শ্রমিকসকলৰ ৰে’লত যাত্রাৰ সময়তে মৃত্যু ঘটিছিল৷ উল্লেখ্য যে ১ মে’ৰ পৰা লকডাউনত আবদ্ধ প্রব্রজিত শ্রমিকসকলক নিজ ৰাজ্যলৈ ওভতাই পঠিওৱাৰ বাবে বিশেষ শ্রমিক ৰে’লৰ চলাচল আৰম্ভ কৰা হৈছে৷