৩৬ কোটি ভাৰতীয়ক প্রদানৰ বাবে লাভ কৰিব ৰাছিয়াৰ ভেকচিন

নিয়মীয়া বাৰ্তা, ১০ মেঃ  ৩৬ কোটি লোকক প্রদান কৰাৰ বাবে ৰাছিয়াৰ স্পুটনিক–ভি ভেকচিন লাভ কৰিব ভাৰতে৷ ৰাছিয়াৰ ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰডিআইএফ)ৰ চিই’ কিৰিল ডিমিট্রিভে প্রকাশ কৰা মতে ২০২২ চনৰ মার্চৰ অন্তিম সময়লৈকে ভাৰতে ৩৬১ নিযুত স্পুটনিক–ভি ভেকচিন লাভ কৰিব৷ অর্থাৎ এই ভেকচিনেৰে ৩৬ কোটি ভাৰতীয়ক টিকাকৰণ কৰিব পাৰিব৷ উল্লেখ্য যে ঘাতক ক’ভিড–১৯ প্রতিহত কৰাৰ লগতে জনতাক সুৰক্ষিত কৰাৰ বাবে বিকশিত ক’ভিড ভেকচিনৰ ভিতৰত ৰাছিয়াৰ স্পুটনিক–ভি হৈছে এক ড’জৰ ভেকচিন৷ এই ভেকচিনটো ৰাছিয়াত ফলপ্রসূ হোৱাৰ পৰিপ্রেক্ষিতত ভাৰততো ভেকচিনটো প্রয়োগৰ বাবে ইতিমধ্যে চৰকাৰে অনুমতি দিছে৷

আৰ ডি আই এফৰ চি ই অ’ৰ তথ্য অনুসৰি এক মে’ত ভাৰতে ১.৫ নিযুত ড’জ স্পুটনিক–ভিৰ ড’জ লাভ কৰিছে৷ দ্বিতীয় পর্যায়ত অর্থাৎ মে’ মাহৰ ভিতৰত স্পুটনিক–ভিৰ তিনি নিযুত ড’জ পুনৰ লাভ কৰিব৷ পৰৱর্তী জুন মাহৰ ভিতৰত ৫ নিযুত ভেকচিনৰ ড’জ লাভ কৰাৰ বিপৰীতে জুলাইত ১০ নিযুত এই ভেকচিনৰ ড’জ লাভ কৰিব৷ কোম্পানীটোৱে প্রকাশ কৰা মতে ভাৰতত ৫টা ঔষধ প্রস্তুত কোম্পানীয়ে স্পুটনিক–ভিৰ উৎপাদন কৰাৰ বাবে চুক্তিবদ্ধ হৈছে৷ এই কোম্পানীকেইটাই ৮৫০ নিযুত ড’জ উৎপাদন কৰিব৷ চলিত বর্ষৰ জুনৰ পৰা ২০২২ৰ মার্চলৈকে দেশত ২৩৮ নিযুত ড’জ ভেকচিন উৎপাদন হ’ব৷ ইয়াৰে ভাৰতে ১১ নিযুত লাভ কৰিব৷ এনেদৰে পর্যায়ক্রমে ভাৰতে ৩৬১ নিযুত ভেকচিন ড’জ লাভ কৰিব৷