ক’ভিডৰ ৬১৭ প্রকৰণৰ বিৰুদ্ধে সফল ক’ভাক্সিন

ভাৰতৰ ভেকচিনক প্রশংসা আমেৰিকাৰ মহামাৰী বিশেষজ্ঞ ডাঃ এণ্টনী ফাউচিৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ভাৰতে প্রস্তুত কৰা ক’ভিড–১৯ ভেকচিন ক’ভাক্সিন মাৰাত্মক ভাইৰাছবিধৰ ৬১৭টা ভিন্ন প্রকৰণৰ বিৰুদ্ধে ফলপ্রসূ হিচাপে চিহ্ণিত হৈছে৷ উল্লেখনীয় যে ভাৰত বায়’টেক, নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’ল’জী আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) এই ক’ভাক্সিন ভেকচিন যৌথভাৱে প্রস্তুত কৰিছে৷ তিনি জানুৱাৰীত এই ভেকচিনবিধ ভাৰতত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছিল৷ হোৱাইট হাউছৰ মুখ্য চিকিৎসা উপদেষ্টা তথা আমেৰিকাৰ শীর্ষ মহামাৰী বিশেষজ্ঞ ডাঃ এণ্টনী ফাউচিয়ে ভাৰতৰ এই ভেকচিনবিধৰ সফলতাৰ কথা শেহতীয়াকৈ সদৰী কৰিছে৷

কালি হোৱাইট হাউছত সাংবাদিকৰ মুখামুখি হৈ বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে কয় যে ইতিমধ্যে ক’ভাক্সিন ভেকচিন ক’ভিডৰ ভিন্ন প্রকৰণৰ বিৰুদ্ধে সফল বুলি প্রমাণিত হৈছে৷ গতিকে ডাঃ ফাউচিৰ মতে ক’ভাক্সিন ভেকচিন ভাৰতে অধিকসংখ্যক লোকক প্রদান কৰাটো জৰুৰী৷ নিউয়র্ক টাইমছৰ প্রতিবেদন অনুসৰি ক’ভাক্সিনে মহামাৰী প্রতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে৷

উল্লেখনীয় যে শৰীৰত এণ্টিব’ডী তৈয়াৰ কৰাৰ ক্ষেত্রত এই ভেকচিনবিধৰ গুৰুত্বপূর্ণ ভূমিকা থকা বুলিও কাকতখনৰ প্রতিবেদনত প্রকাশ পাইছে৷ স্মর্তব্য যে পূর্বে ক্লিনিকেল পৰীক্ষাত ক’ভাক্সিন ভেকচিন ৭৮ শতাংশ ফলপ্রসূ বুলি চিহ্ণিত কৰা হৈছিল৷ ইফালে, ক’ভিড যুঁজত ভেকচিন প্রস্তুতৰ ক্ষেত্রত আমেৰিকাৰ বিশেষজ্ঞ চিকিৎসকলে ভাৰতক সহায় কৰাৰ প্রতিশ্রুতিও দিছে৷ ফাউচিৰ বক্তব্যৰ পাছতে ক’ভাক্সিন ভেকচিনৰ বিশ্বাসযোগ্যতা বিশ্বজুৰি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷