বিয়াৰ বাবে প্রশাসনে বিচাৰি দিব লাগে কইনা

🔹 চৰকাৰী শিবিৰত কৃষকৰ দাবীক লৈ হতবাক বিষয়া

বিশেষ বাৰ্তা, ২৯ জুন : জনসেৱাৰ বাবে আয়োজন কৰা হৈছিল চৰকাৰী শিবিৰৰ৷ সাধাৰণ মানুহে দীঘলীয়া শাৰী পাতিছিল এই শিবিৰত৷ সকলোৱে নিজৰ অভাৱ–অভিযোগ সন্দর্ভত সবিশেষ জনাইছিল৷ চৰকাৰী বিষয়াসকলে জনতাৰ অভিযোগ শুনি সমস্যা সমাধানৰ প্রতিশ্রুতি দি আছিল৷ তেনে সময়তে শিবিৰত হাজিৰ হ’ল এজন যুৱক৷ পেছাত এই যুৱকজন খেতিয়ক৷ চৰকাৰী বিষয়াসকলৰ ওচৰ চাপিয়েই যুৱকজনে যি সমস্যাৰ কথা ক’লে সেয়া শুনি চকু কপালত উঠিল বিষয়াসকলৰ৷ দীর্ঘদিন ধৰি অকলশৰীয়া জীৱন কটাই থকা যুৱকজনক বিয়াৰ বাবে চৰকাৰে কইনা বিচাৰি দিব লাগে৷ একাকীত্বভৰা জীৱন বিৰক্তিদায়ক হৈ পৰিছে৷ গতিকে, তেওঁ শীঘ্রে বিবাহপাশত আবদ্ধ হ’ব বিচাৰে৷ এই কথা শুনি চৰকাৰী বিষয়াসকলৰ একাংশই হাঁহিবলৈ ধৰাৰ বিপৰীতে অন্য একাংশই থৰ লাগি যুৱকজনৰ ফালে চাই থাকিল৷ ঘটনাটো কর্ণাটকৰ কোপ্পাল জিলাৰ৷ জিলাখনত ‘জনস্পন্দন’ নামৰ এটা চৰকাৰী শিবিৰৰ আয়োজন কৰিছিল প্রশাসনে৷ জনসাধাৰণৰ অভাৱ–অভিযোগবোৰ শুনি তাৎক্ষণিকভাৱে সমাধানৰ বাবে প্রশাসনে এই ব্যৱস্থা কৰিছিল৷ যথাসম্ভৱ সমাধানো কৰিছিল প্রশাসনে৷ এই শিবিৰত সংগপ্পা নামৰ কৃষক যুৱকজনে প্রশাসনৰ ওচৰত বিয়াৰ বাবে কইনা বিচাৰি আবেদন জনোৱাৰ লগে লগে বিষয়টোক লৈ অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ জিলা আয়ুক্ত নলিনী অটুলক সংগপ্পাই কয় যে ১০ বছৰ ধৰি কইনা বিচাৰিও তেওঁ পোৱা নাই৷ গতিকে, বিবাহপাশত আবদ্ধ হোৱাৰ প্রবল হেঁপাহ সত্ত্বেও সেয়া পূৰণ হোৱা নাই৷ কোনেও সংগপ্পাক বিয়াৰ বাবে যুৱতী দিবলৈ আগ্রহ দেখুওৱা নাই বুলি অভিযোগ কৰে যুৱকজনে৷ ইয়াৰ ফলত তেওঁ মানসিকভাৱে ভাগি পৰিছে৷ কিন্তু সংগপ্পাক তেওঁৰ সমস্যা সমাধানৰ ক্ষেত্রত প্রশাসনৰ কৰিব পৰা একো নাই বুলি জিলা উপায়ুক্তগৰাকীয়ে জনাই দিলে৷ হতাশ মন লৈ শিবিৰৰ পৰা উভতি গ’ল সংগপ্পা৷

Featured