হাৰিয়ানাৰ জলাশয়ত উদ্ধাৰ মডেল দিব্যা পাহুজাৰ মৃতদেহ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : অৱশেষত উদ্ধাৰ হ’ল মডেল দিব্যা পাহুজাৰ মৃতদেহ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, আজি হাৰিয়ানাৰ ভাক্ৰা খালৰ পৰা উদ্ধাৰ কৰা হৈছে দিব্যাৰ মৃতদেহ৷ আনহাতে, কালি কলকাতা বিমানবন্দৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছে মডেলগৰাকীৰ হত্যাকাণ্ডত অভিযুক্ত ৰবি ভাংগা নামৰ এজন যুৱকক ৷ গুৰুগ্রামৰ গেংষ্টাৰ সন্দীপ গাডোলিৰ হত্যাৰ গোচৰৰ অন্যতম সাক্ষী আছিল মডেল দিব্যা পাহুজা৷ ২৭ বছৰীয়া মডেলগৰাকীক হত্যাৰ অভিযোগ উঠিছে দিল্লীৰ ব্যৱসায়ী অভিজিৎ সিঙৰ বিৰুদ্ধে৷

Featured