বিদেশৰ ভেকচিন ভাৰতত প্রয়োগৰ অনুমতি দিব কেন্দ্রই

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ বিশ্বৰ আন আন দেশত প্রয়োগ হৈ থকা বিদেশী ভেকচিন ভাৰতত প্রয়োগৰ অনুমতি দিয়াৰ পৰিকল্পনা কৰিছে কেন্দ্রই৷ চৰকাৰৰ শীর্ষ সুত্রত প্রকাশ পোৱা মতে শীঘ্রে জৰুৰীকালীন প্রয়োগৰ বাবে বিদেশত প্রস্তুত কৰা ক’ভিড–১৯ ভেকচিন ভাৰতত ব্যৱহাৰত অনুমতি দিব৷

সম্প্রতি ভাৰতত দেশীয়ভাৱে প্রস্তুত কৰা ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন প্রয়োগ কৰি থকা হৈছে৷ কালি কেন্দ্রীয় চৰকাৰে ৰাছিয়াৰ ভেকচিন ‘স্পুটনিক–ভি’ জৰুৰীকালীন প্রয়োগত অনুমতি দিছে৷ মন কৰিবলগীয়া যে চলিত বর্ষত ভাৰতত আন পাঁচটা ভেকচিন প্রয়োগত অনুমতি প্রদান কৰাৰ সম্পূর্ণ সম্ভাৱনা আছে৷ ইয়াৰে ভিতৰত জনছন এণ্ড জনছন, জাইডাছ কেডিলা, চিৰামৰ ন’ভাভেক্স আৰু ভাৰত বায়’টেকৰ ন’জেল ভেকচিন অন্যতম৷