দুই সন্তানৰ পিতৃৰ দেহত আৱিষ্কাৰ জৰায়ু–ডিম্বাশয়

🔹 উত্তৰ প্রদেশৰ ঘটনাক লৈ হতবাক চিকিৎসক

🔹 পুৰুষৰ শৰীৰত মহিলাৰ দৰে প্রজনন অংগ

নিউজ ডেস্ক, ১৭ আগষ্ট : চিকিৎসা শাস্ত্র যদি হয় প্রশ্ণ, তেন্তে মানৱ শৰীৰ হৈছে উত্তৰ৷ যুগ যুগ ধৰি ৰহস্য ভেদ কৰিবলৈ চেষ্টা চলাই আহিছে গৱেষকসকলে৷ উত্তৰ প্রদেশৰ গোৰখপুৰৰ বাসিন্দা ৪৬ বছৰীয়া ৰাজগীৰ মিস্ত্রীয়ে চকু কপালত তুলিছে চিকিৎসকসকলৰ৷ ৪৬ বছৰীয়া এই ব্যক্তিগৰাকীয়ে পেটত প্রচণ্ড বিষ অনুভৱ কৰিছিল৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ তেওঁ চিকিৎসকৰ ওচৰ চাপে৷ পৰীক্ষা কৰি চিকিৎসকে আৱিষ্কাৰ কৰিলে এই পুৰুষজনৰ শৰীৰত আছে মহিলাৰ দৰে প্রজনন অংগ৷ ইয়াক লৈ চিকিৎসকসকল বিমোৰত পৰিল৷ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি দুই সন্তানৰ পিতৃ ৰাজগীৰৰ আল্ট্রাছন’গ্রাফী কৰাৰ পৰামর্শ দিয়ে চিকিৎসকে৷ সেই পৰীক্ষাৰ পাছতে যুৱকৰ শৰীৰৰ ভিতৰত এক অতিৰিক্ত মাংসপিণ্ড থকা বুলি জানিব পাৰে চিকিৎসকসকলে৷ ইয়াৰ ফলত ৰাজগীৰৰ হার্নিয়া হোৱা বুলি নিশ্চিত হয় চিকিৎসকসকল৷ অস্ত্রোপচাৰৰ বাবে এক বিনামূলীয়া শিবিৰলৈ ৰাজগীৰক প্রেৰণ কৰা হয়৷ অস্ত্রোপচাৰৰ সময়ত চিকিৎসকসকলৰ চকু কপালত উঠে৷ যি মাংসপিণ্ডৰ বাবে ৰাজগীৰৰ হার্নিয়া হৈছে সেয়া আচলতে  এটা অনুন্নত জৰায়ু৷ এই জৰায়ুৰ কাষতে ডিম্বাশয়ো বিচাৰি পাইছে চিকিৎসকে৷ কিন্তু দুই সন্তানৰ পিতৃ ৰাজগীৰৰ মাজত মহিলাৰ দৰে শাৰীৰিক বা চাৰিত্রিক বৈশিষ্ট্য নাই বুলি দাবী কৰিছে চিকিৎসকসকলে৷

Featured