চালক অবিহনে ৮০ কিলোমিটাৰ চলিল মালবাহী ৰে’ল

🔹 ৰে’ল বিভাগত পুনৰ ভয়াৱহ গাফিলতি : পাঠানকোটৰ ঘটনাক লৈ তীব্র চাঞ্চল্য

বিশেষ বাৰ্তা, ২৬ ফেব্রুৱাৰী : পুনৰ ভাৰতীয় ৰে’লত ভয়ংকৰ গাফিলতিৰ অভিযোগ উত্থাপন হ’ল৷ এইবাৰৰ ঘটনা পঞ্জাবৰ৷ পঞ্জাবত চালক অবিহনে ৮০ কিলোমিটাৰ অতিক্রম কৰিলে এখন মালবাহী ৰে’লে৷ এই ঘটনাক লৈ তীব্র আতংকৰ সৃষ্টি হয় ৰে’লৰ এটা সংমণ্ডলত৷ অৱশ্যে অন্তিম মুহূর্তত দুর্ঘটনাৰ পৰা ৰক্ষা পৰে ৰে’লখন৷ প্রশ্ণ হৈছে- কেনেদৰে এনে অভাৱনীয় ঘটনা সংঘটিত হ’ল৷ কাৰ গাফিলতিত চালকবিহীনভাৱে ৰে’লখন চলিবলৈ সক্ষম হ’ল৷ ৰে’ল বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি, নিয়ম মানি পঞ্জাবৰ পাঠানকোট ষ্টেচনত ৰৈছিল মালবাহী ৰে’লখন৷ ইয়াৰ পাছত ৰে’লখনৰ পৰা নামি যায় চালকগৰাকী৷ কিন্তু কিছু সময় পাছতে লাইন এঢলীয়া হৈ থকা বাবে চালক অবিহনেই ৰে’লখন চলিবলৈ ধৰে৷ এই ঘটনা সন্দর্ভত ৰে’ল বিভাগৰ কর্মী তথা বিষয়াসকলে সমস্ত কথা জানিবলৈ সক্ষম হোৱাৰ পূর্বেই ৰে’লখনে ষ্টেচন অতিক্রম কৰে৷ বিষয়টো বিষয়াসকলৰ অৱগত হোৱাৰ লগে লগে আতংকৰ সৃষ্টি হয়৷ যিকোনো প্রকাৰে ৰে’লখন ৰখোৱাৰ চেষ্টা চলোৱা হয়৷ পাঠানকোটৰ এগৰাকী ৰে’ল বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, লাইনত বৃহৎ কাঠৰ টুকুৰা পেলাই অৱশেষত মালবাহী ৰে’লখন ৰখোৱা হয়৷ কিন্তু ইতিমধ্যে ৰে’লখনে ৮০ কিলোমিটাৰ পথ অতিক্রম কৰে৷ জানিব পৰা গৈছে যে এই মালবাহী ৰে’লখনত আছিল ষ্টোনচিপ্ছ৷ লক্ষণীয় যে পাঁচটা ষ্টেচন অতিক্রম কৰাৰ পাছতহে ৰে’লখনৰ সন্মুখত বৃহৎ কাঠৰ টুকুৰা পেলাই দি ৰখোৱাটো সম্ভৱ হৈছে৷ লক্ষণীয়ভাৱে চালকে ৰে’লখনৰ পৰা নামি যোৱাৰ সময়ত হেণ্ডব্রেক টানিবলৈ পাহৰি গৈছিল৷ ইয়াৰ ফলতেই চালকবিহীনভাৱে ৰে’লখন ৮০ কিলোমিটাৰ অতিক্রম কৰে৷ ভয়াৱহ দুর্ঘটনাৰ পৰা ৰে’লখন ৰক্ষা পৰে যদিও এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷

Featured