ভেকচিন নিৰ্মাণৰ সৰ্ববৃহৎ কোম্পানীয়ে ক’লে ২০২৪লৈকে সকলোৱে নাপাব কৰোনাৰ ভেকচিন

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ   কৰোনা ভেকচিন কেতিয়া সৰ্বসাধাৰণ লোকে পাব, ইয়াক লৈ বিভিন্ন মহলত চৰ্চা চলি আছে। ইয়াৰ মাজতে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন নিৰ্মাণকাৰী কোম্পানী চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া অদাৰ পুনাৱালই কয় যে ২০২৪লৈকে ইমান সংখ্যক ভেকচিন তৈয়াৰ কৰিব পৰা নাযাব য’ত বিশ্বৰ সকলো মানুহে ভেকচিন লাভ কৰিব পাৰে। পুনাৱালাই ভাৰতত কৰোনা ভেকচিনক সৰ্বস্তৰৰ লোকে পোৱাক লৈও চিন্তা ব্যক্ত কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ফাইন্সনিয়েল টাইমচৰ এই কথা প্ৰকাশ কৰা হৈছে।
ft.comৰ মতে অদাৰ পুনাৱালাই কয় যে বিশ্বৰ সকলো লোকক ভেকচিন দিবলৈ ৪ৰ পৰা ৫ বছৰ সময় লাগিব। যদি এজন ব্যক্তিক কৰোনা ভেকচিনৰ দুটা টিকা দিয়া হয় তেতিয়া সমগ্ৰ বিশ্বক ১৫ বিলিয়ন ভেকচিনৰ প্ৰয়োজন হ’ব।
লগতে পুনাৱালাই ভাৰতৰ ১.৪ বিলিয়ন লোকক ভেকচিনক লৈও চিন্তা ব্যক্ত কৰে। পুনাৱালাই কয় যে ভাৰতত ভেকচিনৰ পৰিবহনৰ বাবে কল্ড চেন চিষ্টেম নাই। উল্লেখ্য যে ভেকচিন তৈয়াৰ হোৱাৰ পিছত ফ্ৰিজত ৰখা হয় আৰু এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ কল্ড চিষ্টেমৰ প্ৰয়োজন হয়।

উল্লেখ্য যে পুনেস্থিত সীৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই কৰোনা ভেকচিন নিৰ্মাণ কৰিবলৈ পাঁচটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ লগত চুক্তিবদ্ধ হৈছে। আৰু ইয়াৰ ভিতৰত AstraZeneca আৰু Novavaxৰ দৰে কোম্পানীও সংযুক্ত হৈ আছে।