‘মিছা কথাৰ কাৰখানা’ মোদী চৰকাৰ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পুৰুলিয়া জিলাত এক নির্বাচনী সমাৱেশত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়ায়৷ তৃণমূল কংগ্রেছৰ শীর্ষ নেত্রীগৰাকীয়ে উল্লেখ কৰে যে মোদী চৰকাৰ হৈছে ‘মিছা কথাৰ এক কাৰখানা’৷

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে দেশৰ সম্পত্তি কেৱল মালিকৰ হাতত বিক্রী কৰা বুলিও উল্লেখ কৰে মমতা বেনার্জীয়ে৷ দেশৰ সম্পত্তি বিক্রী কৰাৰ বাহিৰে নৰেন্দ্র মোদী চৰকাৰে অন্য কাম কৰা নাই বুলিও অভিযোগ কৰে মমতাই৷

শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় খণ্ডত থকা টেলিকম প্রতিষ্ঠান আৰু বেংকসমূহ বিক্রী কৰাৰ আঁচনি লোৱা বুলি ক্ষোভ উজাৰে মমতাই৷ বিজেপিৰ প্রৱঞ্চনা আৰু নৰেন্দ্র মোদীৰ মিছা কথাই এতিয়া কেন্দ্রীয় চৰকাৰখনৰ সম্পদ বুলিও কটাক্ষ কৰিছে নেত্রীগৰাকীয়ে৷

স্মর্তব্য যে অসম আৰু ত্রিপুৰাত বিজেপিয়ে ইস্তাহাৰত দিয়া প্রতিশ্রুতি ৰক্ষা কৰা নাই বুলিও মমতাই মন্তব্য কৰে৷