অস্ত্রোপচাৰত পেটৰ পৰা ওলাল ছুৰী, নেইল কাটাৰ

🔹 যুৱকে ভক্ষণ কৰিছিল লোৰ সামগ্রী : হতবাক চিকিৎসক

নিউজ ডেস্ক, ২৯ আগষ্ট : বিহাৰৰ এজন যুৱকে খাবলৈ পালে ছুৰী, নেইল কাটাৰ, চাবিৰ ৰিং আদি খাই পেলায়৷ শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও এয়া সত্য ঘটনা৷ শেহতীয়াকৈ অস্ত্রোপচাৰ কৰি পাকস্থলীৰ পৰা বাহিৰ কৰা হৈছে সৰু ছুৰী, নেইল কাটাৰ আৰু চাবিৰ ৰিং৷ ইয়াৰ পূর্বে এক্স-ৰেৰ প্রতিবেদন দেখি চকু কপালত উঠে চিকিৎসকলকলৰ৷ কেনেদৰে যুৱকজনে লোৰ ছুৰী, নেইলকাটাৰ, চাবিৰ ৰিং ভক্ষণ কৰিলে তাক লৈ আশ্চর্য প্রকাশ কৰিছে চিকিৎসকসকলে৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, বিহাৰৰ পূব চম্পাৰণ জিলাৰ মোতিহাৰীৰ বাসিন্দা ২২ বছৰীয়া যুৱকজনে এনে কাম কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিছুদিন পূর্বে যুৱকজনৰ তলপেটত প্রচণ্ড বিষ আৰম্ভ হয়৷ অসহ্য যন্ত্রণা লৈ এখন বেচৰকাৰী হাস্পতালত ভর্তি হয় যুৱকজন৷ এক্স-ৰে আৰু ইউএছজি কৰাৰ পাছত হতবাক হৈ পৰে চিকিৎসকসকল৷ চিকিৎসকসকলে বুজিব পাৰে যে পাকস্থলীত ধাতুৰ কিবা সামগ্রী আছে৷ গতিকে ততাতৈয়াকৈ অস্ত্রোপচাৰৰ সিদ্ধান্ত গ্রহণ কৰে চিকিৎসকসকলে৷ তেতিয়াই পেটৰ পৰা বাহিৰ কৰা হয় এটা চাবিৰ ৰিং, সৰু ছুৰী আৰু নেইল কাটাৰ৷ মানসিক অসুস্থতাৰ বলি এই যুৱকজনে বিভিন্ন সময়ত এনে সামগ্রীবোৰ গিলি খাইছিল৷ অস্ত্রোপচাৰৰ পাছত যুৱকজন সুস্থ হৈ থকা বুলি সংবাদ মাধ্যমক জনাইছে চিকিৎসকে৷ এতিয়া যুৱকজনক মানসিক চিকিৎসাৰ প্রয়োজন থকা বুলিও ঘোষণা কৰিছে বিশেষজ্ঞ চিকিৎসকলকলে৷ অৱশ্যে তাৎক্ষণিকভাৱে পৰিয়ালে এই যুৱকজনৰ মানসিক চিকিৎসা আৰম্ভ কৰা নাই৷

Featured