তিনিখন পত্র লিখি পত্নীক তালাক দিলে যুৱকে

বিশেষ বাৰ্তা, ২২ মে’ : কেইদিনমান পূর্বে হোৱাটছএপত ভইচ মেছেজত পত্নীক তালাক দি গ্রেপ্তাৰ হৈছিল এজন যুৱক৷ এইবাৰ শহুৰেকৰ ঘৰৰ ঠিকনাত তিনিখন পত্র লিখি পত্নীক তালাক দিলে এজন যুৱকে৷ তৰুণী পত্নীলৈ তিনিখন চিঠিতেই যুৱকজনে লিখে– ‘তালাক তালাক তালাক’৷ এই যুৱকজনৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে পত্নীয়ে৷ ঘটনাটো সংঘটিত হৈছে মধ্যপ্রদেশৰ উজ্জয়িনী জিলাৰ ঘোছালা অঞ্চলত৷ অভিযুক্ত যুৱকৰ নাম ঈশান ছাটানিয়া৷ ২০২০ চনৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল যুৱকজন৷ ৩ বছৰ দাম্পত্য জীৱন কটালেও তেওঁলোকৰ সংসাৰ সুখৰ নাছিল৷ তৰুণীয়ে দাবী কৰা অনুসৰি বিয়াৰ কেইমাহমান পাছৰে পৰা আৰম্ভ হয় অশান্তি৷ ঈশানৰ পৰিয়ালৰ সদস্যসকলে তৰুণীক শাৰীৰিক আতিশয্য চলোৱাৰ অভিযোগো অনা হৈছে৷

Featured