ৰে’ল লাইনত ৰীলছ বনাবলৈ গৈ শিশু পুত্রসহ স্বামী-স্ত্ৰীৰ প্রাণহানি

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : প্রাণতকৈও ছেলফিৰ মূল্য বেছি! ৰীলৰ ক্ষেত্রতো একেই কথা ক’ব পৰা যায়৷ বিখ্যাত হোৱাৰ অদম্য বাসনা, সহজ উপায়েৰে ধন উপার্জন কৰিবলৈ গৈ সদায় বিপদৰ সন্মুখীন হৈ আহিছে মানুহ৷ সমগ্র দেশত একেই অৱস্থা৷ এইবাৰ ঘটনাটো ঘটিছে উত্তৰ প্রদেশত৷ ৰীলছ বনাবলৈ গৈ ৰে’লৰ খুন্দাত মৃত্যু হৈছে একেটা পৰিয়ালৰ তিনি সদস্যৰ৷ নিহত হৈছে স্বামী, পত্নী আৰু তেওঁলোকৰ তিনি বছৰীয়া পুত্রৰ৷ লখিমপুৰ খেৰি জিলাৰ উমাৰিয়া গাঁৱৰ এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ শোকৰ ছাঁ পৰিছে পৰিয়ালটো, গাঁওখনত৷ খেৰি চহৰ থানাৰ আৰক্ষী বিষয়া অজিত কুমাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি কালি পুৱা উমাৰিয়া গাঁৱৰ ৰে’ল লাইনত এই দুর্ঘটনা সংঘটিত হৈছে৷ মৃত্যু হৈছে মহম্মদ আহমেদ (২৬), নাজনিন (২৪) আৰু তেওঁলোকৰ তিনি বছৰীয়া পুত্র আব্দুল্লাৰ৷ পৰিয়ালটো খিতাপুৰ জিলাৰ শ্বেখ টোলাৰ বাসিন্দা৷

Featured