‘টাইগাৰ’ৰ ডিঙিত ২.৫ লাখৰ সোণৰ চেইন

🔹 পশুপ্রেমী সৰিতাৰ কার্যক লৈ ছ’চিয়েল মিডিয়াত আলোড়ন

বিশেষ বাৰ্তা, ১০ জুলাই : কুকুৰ প্রভুভক্ত৷ কুকুৰৰ প্রতি অসীম প্রেম থাকে মানৱৰ৷ কুকুৰক লৈ একাংশ লোকে নিজৰ জীৱন যাপন কৰিবলৈ আগ্রহ দেখুৱায়৷ কুকুৰ লগত লৈ ফুৰে৷ কুকুৰক নিজৰ সংগী হিচাপে অধিক বিশ্বাস কৰে৷ শেহতীয়াভাৱে মুম্বাইৰ সৰিতা নামৰ এগৰাকী মহিলাই কুকুৰৰ কাৰণে ২.৫ লাখ টকা মূল্যৰ সোণৰ চেইন ক্রয় কৰি সামাজিক মাধ্যমত চর্চাৰ বিষয় হৈ পৰিছে৷ দোকানৰ পৰা ২.৫ লাখ টকাৰ চেইন ক্রয় কৰি ‘টাইগাৰ’ নামৰ মৰমৰ কুকুৰটোৰ ডিঙিত পিন্ধাই দিয়ে৷ ইনষ্টাগ্রামত সোণৰ অলংকাৰ বিক্রী কৰা দোকানীজনে কুকুৰসহ সৰিতাৰ আলোকচিত্র আৰু ভিডিঅ’ প্রচাৰ কৰিছে৷ এই ভিডিঅ’ই এতিয়া ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷ একাংশ লোকে এই ভিডিঅ’টোক সন্দেহৰ চকুৰে চাইছে যদিও অধিকাংশই টাইগাৰৰ ডিঙিত সোণৰ চেইন পিন্ধাই দিয়া ভিডিঅ’টোক লৈ সন্তুষ্টি ব্যক্ত কৰিছে৷ ভিডিঅ’টোত মহিলাগৰাকীয়ে সোণৰ অলংকাৰৰ দোকানলৈ গৈ অপেক্ষা কৰি আছে আৰু এনেদৰে কিছু সময় থকাৰ পাছত সোণৰ চেইন এডাল লিৰিকি–বিদাৰি চাই ক্রয় কৰি আনি কুকুৰটোৰ ডিঙিত পিন্ধাই দিয়ে৷ টাইগাৰ নামৰ কুকুৰটোৰ ডিঙিত পিন্ধাই দিয়া সোণৰ চেইনডালৰ মূল্য ২.৫ লাখ টকা৷ সোণৰ চেইনডাল কুকুৰটোৰ ডিঙিত সৰিতাই পিন্ধাই দিয়াৰ পাছত আনন্দ মনে কুকুৰটোৱে ইফালে–সিফালে চোৱাৰ লগতে গৰাকী সৰিতাক আবদাৰ কৰিবলৈ ধৰে৷ সাধাৰণ দৃষ্টিত পোহনীয়া কুকুৰক লৈ মালিকসকলৰ মৰম–চেনেহ একো অস্বাভাৱিক নহয়৷ কিন্তু সৰিতাই মূল্যৱান সোণৰ চেইন পিন্ধাই দিয়া ঘটনাটোৱে আলোচনাৰ বিষয় হৈ পৰিছে৷

Featured