টিক্রী–গাজীপুৰ সীমান্তৰ বেৰিকেড উঠাই দিলে দিল্লী আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত আন্দোলন কৰি থকা কৃষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ ইংগিত দিছে দিল্লী আৰক্ষীয়ে৷ পথচাৰীৰ বাবে সংকট মোচনৰ উদ্দেশ্যে দিল্লী আৰক্ষীয়ে আজিৰে পৰা টিক্রী আৰু গাজীপুৰ সীমান্তত বেৰিকেড উঠাই দিয়াৰ কাম আৰম্ভ কৰিছে৷ কৃষক আন্দোলনৰ বাবে এই বেৰিকেড বহুওৱা হৈছিল৷ ফলত সাধাৰণ জনতা সংকটৰ সন্মুখীন হৈছিল দেশৰ ৰাজধানী মহানগৰখনত৷ হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ পৰা অহা কৃষকসকলক ৰাজধানী নতুন দিল্লীত প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰিবলৈ বহুওৱা হৈছিল এই বেৰিকেড৷

লক্ষণীয়ভাৱে প্রতিবাদী কৃষকসকলক ৰাষ্ট্রীয় ঘাইপথ বা ব্যস্ততাপূর্ণ অঞ্চল দীর্ঘদিনৰ বাবে বন্ধ ৰাখিব নোৱাৰিব বুলি দেশৰ শীর্ষ আদালতে সতর্কবাণী কৰাৰ পাছতে আৰক্ষীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ পৰৱর্তী সময়ত আন্দোলনকাৰী কৃষকক বাধা প্রদান কৰিবলৈ দিল্লী আৰক্ষীয়ে বিকল্প ব্যৱস্থা গ্রহণ কৰিব বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ বেৰিকেডৰ উপৰি কৃষকসকলক বাধা দিবলৈ স্থাপন কৰা প্রাচীৰ তথা তীক্ষ্ণ গজালৰ বেহু  টিক্রী আৰু গাজীপুৰৰ পৰা আঁতৰাই দিছে দিল্লী আৰক্ষীয়ে৷

ইফালে আৰক্ষীৰ এই সিদ্ধান্তৰ পাছতে ভাৰতীয় কিষাণ ইউনিয়ন (বি কে ইউ)ৰ উত্তৰ প্রদেশ গোটৰ সভাপতি ৰাজবীৰ সিং জাদাউনে সংবাদ সংস্থা আই এ এন এছক জনাইছে যে প্রতিবাদী কৃষকে কেতিয়াও পথ বন্ধ কৰা নাই৷ দিল্লী আৰক্ষীয়ে নিজে বন্ধ কৰা পথ এতিয়া নিজেই মুকলি কৰিছে৷ এই পথ সম্পূর্ণৰূপে মুকলি হোৱাৰ পাছতে ৰাজধানী মহানগৰ দিল্লীৰ গুৰুত্বপূর্ণ অঞ্চলত প্রতিবাদী কৃষকসকল উপস্থিত হ’ব বুলিও হুংকাৰ দিছে জাদাউনে৷ লক্ষণীয়ভাৱে সুদীর্ঘ ১১ মাহ ধৰি দিল্লীৰ টিক্রী আৰু গাজীপুৰ সীমান্তত প্রতিবাদী কৃষকক বাধা প্রদান কৰিবলৈ এনেদৰে বেৰিকেড স্থাপন কৰি ৰাখিছিল আৰক্ষীয়ে৷