নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ৰঙা গ্রহ মঙললৈ প্রেৰণ কৰা পাৰছেভাৰেন্স ৰ’ভাৰে ভাৰতীয় সময় অনুসৰি আজিৰ পুৱাৰ ভাগত গ্রহটোৰ পৃষ্ঠ স্পর্শ কৰিব৷ নাছাই প্রেৰণ কৰা ৰ’ভাৰসমূহৰ ভিতৰত পাৰছেভাৰেন্সক লৈ অধিক প্রত্যাশা কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ ইয়াৰ পূর্বে মঙল অভিযানত এনেধৰণৰ শক্তিশালী তথা অত্যাধুনিক ৰ’ভাৰ ব্যৱহাৰ কৰা হোৱা নাছিল৷ গতিকে মঙল পৃষ্ঠ পাৰছেভাৰেন্সে স্পর্শ কৰাৰ লগে লগে নাছাৰ বাবে সেয়া হ’ব এক গৌৰৱৰ বিষয়৷ যোৱা গ্রীষ্মত মঙল অভিমুখে ৰ’ভাৰটো প্রেৰণ কৰা হৈছিল৷ মঙল পৃষ্ঠৰ প্রাচীন বদ্বীপ জেজেৰ’ ক্রেটাৰত ৰ’ভাৰটোৱে স্পর্শ কৰিব৷ ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ২.২৫ বজাত ৰ’ভাৰটোৱে মঙলপৃষ্ঠ স্পর্শ কৰিব৷ মঙলৰ বিভিন্ন অঞ্চলত এই ৰ’ভাৰটোৱে চলাব এলানি অনুসন্ধান৷ পাৰছেভাৰেন্সে এক যন্ত্র লগত কঢ়িয়াইছে যাক কোৱা হৈছে ম’ক্সি (মার্ছ অক্সিজেন ইন–ছিটু ৰিছ’চ ইউটিলাইজেচন এক্সপেৰিমেণ্ট)৷ এই যন্ত্রটোৱে মঙলত সৃষ্টি কৰিবলৈ সক্ষম হ’ব অক্সিজেন৷ নাছাৰ ৱাশ্বিংটনস্থিত মুখ্য কার্যালয়ৰ বিজ্ঞান অভিযান সঞ্চালকালয়ৰ সহকাৰী প্রশাসক থ’মাছ জার্বুচেনে উল্লেখ কৰা অনুসৰি পূর্বৰ মঙল অভিযানত এনেধৰণৰ অত্যাধুনিক যন্ত্র ৰ’ভাৰৰ সৈতে সংযুক্ত কৰা হোৱা নাছিল৷ গতিকে এইবাৰৰ অভিযান হ’ব পূর্বতকৈ পৃথক৷ লক্ষণীয়ভাৱে এই ৰ’ভাৰে মঙলত প্রাচীন অণুজীৱৰ উপস্থিতি আছিল নে নাই তাৰো অনুসন্ধান কৰিব৷