৫৫ বছৰ পাছত গণৰাজ্য দিৱসত নাথাকে মুখ্য অতিথি

আজি ৭২সংখ্যক গণৰাজ্য দিৱস

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ ক’ৰোনাসৃষ্ট পৰিস্থিতিত আজি উদ্যাপন হ’ব দেশৰ ৭২সংখ্যক গণৰাজ্য দিৱস৷ নিৰাপত্তাৰ দুর্গত পৰিণত দেশৰ ৰাজধানী দিল্লীত আজি গণৰাজ্য দিৱসৰ কার্যসূচী ক’ভিড–১৯ নির্দেশনা অনুসৰি উদ্যাপন কৰা হ’ব৷ ঘাতক ক’ভিড–১৯ নির্দেশনা অনুসৰি কাইলৈ দেশৰ ৰাজধানী দিল্লীত উদ্যাপন কৰিবলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচী সীমিত কৰা হৈছে৷ ৫৫ বছৰৰ পাছত গণৰাজ্য দিৱসৰ কার্যসূচীত নাথাকে বিদেশৰ মুখ্য অতিথি৷ ক’ৰোনাৰ বাবেই সীমিত পৰিসৰত উদ্যাপন কৰিবলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচীৰ পেৰেডৰ দৈর্ঘ্য হ্রাস কৰা হৈছে৷ দেশৰ প্রতিৰক্ষা বাহিনীৰ শক্তি প্রদর্শনৰ কার্যসূচীও বিগত বর্ষসমূহৰ তুলনাত হ্রাস কৰা হৈছে৷ পূর্বৰ কার্যসূচীত ১ লাখতকৈ অধিক লোকৰ সমাগম হৈছিল যদিও এইবেলি কার্যসূচীত মাত্র ২৫ হাজাৰ দর্শকহে উপস্থিত থাকিব৷ তদুপৰি ১৫ বছৰ অনূর্ধ্বৰ শিশুক এই কার্যসূচীত উপস্থিত থকাৰ অনুমতি দিয়া নহয়৷ সশস্ত্র বাহিনীৰ লগতে অর্ধসামৰিক বাহিনীৰ প্রদর্শনৰ সময়ত থকা গোটত থকা জোৱানৰ সংখ্যা ১৪৪ৰ পৰা ৯৬লৈ হ্রাস কৰা হৈছে৷

লক্ষণীয় যে সাধাৰণ জনতাৰ বাবে এইবেলি কার্যসূচীত উপস্থিত থকাৰ ক্ষেত্রত মাত্র ৪,৫০০ টিকট প্রদান কৰা হৈছে৷ আনপিনে সাধাৰণতে বিজয়চ’কৰ পৰা লালকিল্লালৈ ৮.২ কিলোমিটাৰ পেৰেড কৰা হয় যদিও এইবাৰ এই পেৰেড ৰাষ্ট্রীয় ষ্টেডিয়ামৰ ভিতৰতে আবদ্ধ ৰখাৰ লেখীয়া মাত্র ৩.৩ কিলোমিটাৰ পেৰেড হ’ব৷ পেৰেডত প্রথমবাৰৰ বাবে লাডাখ কেন্দ্রীয়শাসিত অঞ্চলৰ প্রতীকপটসহ মুঠ ৩২টা প্রতীকপট প্রদর্শন কৰা হ’ব৷ মটৰচাইকেল ষ্টাণ্ট কার্যসূচীৰ পৰা বাদ দিয়া হৈছে৷ প্রথমবাৰৰ বাবে পেৰেডত বাংলাদেশ সশস্ত্র বাহিনীৰ ১২০ জোৱানে অংশগ্রহণ কৰিব৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ প্রতীকপটক নেতৃত্ব দিব মহিলা যুঁজাৰু বৈমানিক লেফটেনেণ্ট ভাৱনা কান্তে৷ এইবেলি পেৰেডত মুখ্য আকর্ষণ হ’ব অত্যাধুনিক যুঁজাৰু বিমান ৰাফেল৷ বায়ুসেনা বাহিনীৰ প্রতীকপটত লঘু যুঁজাৰু বিমান, লঘু যুঁজাৰু হেলিকপ্ঢাৰ আৰু মেড ইন ইণ্ডিয়া ক্ষেপণাস্ত্রসহ ছুখয় যুঁজাৰু বিমান৷ ক’ভিড–১৯ৰ শংকাৰ প্রতি লক্ষ্য ৰাখি প্রবীণ আৰু শিশুৰ অংশগ্রহণ পেৰেডত বাতিল কৰা হৈছে৷

ইতিমধ্যে গণৰাজ্য দিৱসৰ কার্যসূচী উপলক্ষে ৰাজধানী দিল্লীৰ নিৰাপত্তা দুর্গত পৰিণত হৈছে৷ দিল্লী আৰক্ষী ৮৫ সহস্রাধিক আৰক্ষী জোৱানক নিৰাপত্তাৰ বাবে মোতায়েন কৰাৰ লগতে পথে পথে গধুৰ বেৰিকেড স্থাপন কৰাৰ লগতে বিভিন্ন পথত চেকিং বহুওৱা হৈছে৷ আকাশী মার্গেৰে ড্র’নৰ জৰিয়তে পহৰা দি থকাৰ সমান্তৰালকৈ ৰাজপথৰ পৰা ইণ্ডিয়া গেটলৈ স্নিফাৰ ডগ, মেটেল ডিটেক্টৰেৰে নিৰীক্ষণ চলাই থকা হৈছে৷ উল্লেখ্য যে এইবেলি গণৰাজ্য দিৱসত ব্রিটিছ প্রধানমন্ত্রী ব’ৰিছ জনছন মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছিল যদিও ক’ভিড–১৯ৰ বাবে তেওঁৰ ভ্রমণ বাতিল কৰা হৈছে৷

Featured