আমেৰিকাৰ ৰাষ্ট্রপতিক আহ্বান ছিনেটৰৰঃ ম্যানমাৰৰ বিৰুদ্ধে কঠোৰ হওক জ’ বাইডেন

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে পুনৰ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছে কেইবাগৰাকীও ছিনেটৰে৷ ডেম’ক্রেট জেফ মার্কলী, ৰিপাব্লিকান মার্কো ৰুবি’ তথা আন চাৰিগৰাকী ছিনেটৰে ৰাষ্ট্রপতি জ’ বাইডেনক শীঘ্রে ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা কঠোৰ কৰি তুলিবলৈ আহ্বান জনোৱা হৈছে৷ বাইডেন প্রশাসনে মার্কিন শক্তিক প্রকল্প ছেভ্র’ন কর্প’ৰেচনৰ পৰা ম্যানমাৰ তেল আৰু গেছ প্রতিষ্ঠানক ৰয়েল্টী দিয়া বন্ধ কৰে৷ সেই বিষয়টোত গুৰুত্ব দিবলৈও ছিনেটৰকেইগৰাকীয়ে আহ্বান জনাইছে৷ উল্লেখনীয় যে যোৱা ১ ফেব্রুৱাৰীত ম্যানমাৰৰ সেনাই গণতান্ত্রিতকভাৱে নির্বাচিত চৰকাৰখনক অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰি ক্ষমতা নিজৰ হাতলৈ নিছিল৷ তেতিয়াৰে পৰা দেশখনত চলি আছে প্রবল বিক্ষোভ৷ এই বিক্ষোভ দমন কৰিবলৈ সেনাই চলোৱা আতিশয্যত এতিয়ালৈকে ৭৫০জনতকৈ অধিক লোক নিহত হৈছে৷