মাৰ–এ–লাগ’ হ’ব ট্রাম্পৰ স্থায়ী বাসগৃহ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ আমেৰিকাৰ বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে হোৱাইট হাউছ ত্যাগ কৰাৰ পিছত ফ্ল’ৰিডাৰ পালাম বীচ্চস্থিত মাৰ–এ–লাগ’ ইষ্টেটক স্থায়ী বাসগৃহ হিচাপে ব্যৱহাৰ কৰিব৷ ১৯৮৫ চনত এই সুদৃশ্য প্রাসাদ ক্রয় কৰিছিল ট্রাম্পে৷ ১০ নিযুত ডলাৰেৰে ক্রয় কৰা মাৰ–এ–লাগ’ পৰৱর্তী সময়ত হৈ পৰিছিল এটা ব্যক্তিগত ক্লাব৷ শীতকালত এই বাসগৃহতেই বসবাস কৰিবলৈ লৈছিল ট্রাম্পে৷ আনকি যোৱা চাৰিটা বছৰতো শীতকালীন বাসগৃহ হিচাপে মাৰ–এ–লাগ’ক ব্যৱহাৰ কৰিছিল বিদায়ী ৰাষ্ট্রপতিগৰাকীয়ে৷ নিউয়র্ক পোষ্টৰ প্রতিবেদন অনুসৰি আজি পুৱাৰ পৰা মাৰ–এ–লাগ’ৰ বাসগৃহলৈ বিভিন্ন সামগ্রী কঢ়িয়াই যাত্রা কৰিছে কেইবাখনো ট্রাকে৷ জ’ বাইডেনৰ শপতগ্রহণৰ পূর্বেই বিমানেৰে মাৰ–এ–লাগ’ত উপস্থিত হ’ব ট্রাম্প৷ নিজৰ এই ব্যক্তিগত বাসগৃহ ‘উইণ্টাৰ হোৱাইট হাউছ’ হিচাপে ব্যৱহাৰ কৰা বাবেই আমেৰিকাবাসীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল ট্রাম্প৷ কিন্তু এই সমালোচনাক ট্রাম্পে কোনোদিনেই গুৰুত্ব দিয়া নাছিল৷ এতিয়া ধনকুবেৰ নেতাগৰাকীয়ে মাৰ–এ–লাগ’ক স্থায়ী বাসগৃহ হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা সিদ্ধান্তক লৈ ব্যাপক চর্চা চলিছে আমেৰিকাৰ সংবাদ মাধ্যমত৷