ক’ভিডত আক্রান্ত হৈছিল ট্রাম্পৰ পুত্র বেৰণো

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, পত্নী মেলানিয়া ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত তেওঁলোকৰ পুত্র ১৪ বছৰীয়া বেৰণ ট্রাম্প ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈছিল৷

শেহতীয়াকৈ ফার্ষ্ট লেডী মেলানিয়াই সংবাদ মাধ্যমত সদৰী কৰিছে এই তথ্য৷ অৱশ্যে কমদিনৰ ভিতৰতে কিশোৰ বেৰণ ক’ভিডমুক্ত হয়৷ লক্ষণীয়ভাৱে ট্রাম্প দম্পতী আৰু তেওঁলোকৰ পুত্র ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত হোৱাইট হাউছৰ কেইবাগৰাকীও কর্মী এই মহামাৰীত আক্রান্ত হৈছিল৷ কিন্তু শেহতীয়াকৈ ৰাষ্ট্রপতি ট্রাম্পৰ লগতে হোৱাইট হাউছৰ প্রায় সকলো কর্মী ক’ভিড মহামাৰীৰ পৰা মুক্ত হৈছে৷ অৱশ্যে এতিয়াও দেশখনত ভাইৰাছবিধৰ দ্রুত সংক্রমণ চলি আছে৷