জন্মদিনত সোণৰ কেক কাটি ককৰ্থনাৰ সন্মুখীন উৰ্বশী

বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : জন্মদিনত ২৪ কেৰেট বিশুদ্ধ সোণৰ কেক কাটি অনুৰাগীৰ ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হৈছে বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা। চিনেমা হওক বা নহওক, ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থাকে উৰ্বশী ৰাউটেলা। এইবাৰ জন্মদিনত ২৪ কেৰেট বিশুদ্ধ সোণৰ কেক কাটি সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰে অভিনেত্ৰীগৰাকীয়ে। পিছে এইবাৰ সামাজিক মাধ্যমত অধিকাংশই ককৰ্থনাহে কৰে অভিনেত্ৰীগৰাকীক। অৱশ্যে জন্মদিনত উৰ্বশী ৰাউটেলাক কেকটো উপহাৰ দিছিল হানী সিঙেহে। দেওবাৰে উৰ্বশীয়ে ৩০ বছৰত ভৰি দিয়ে। উৰ্বশীৰ জন্মদিনৰ দিনা হনী সিঙে ‘লাভ ড’জ ২’ মিউজিক ভিডিঅ’ৰ নায়িকাৰ সন্মুখত উপস্থিত হয় ২৪ কেৰেট বিশুদ্ধ সোণৰ কেকৰ সৈতে। জনা মতে, কেকটোৰ দাম প্ৰায় ৩ কোটি টকা। তাৰ পিছৰ পৰাই সামাজিক মাধ্যমত অভিনেত্ৰী উৰ্বশী ৰাউটেলাক বিভিন্নজনে কটু মন্তব্যৰে আক্ৰমণ কৰে।

Featured