বিশ্বলৈ ভয়াৱহ বিপর্যয় কঢ়িয়াব ভেকচিনৰ বৈষম্যমূলক বিতৰণ নীতিয়ে

‘হু’ৰ সকীয়নি

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ বিশ্বৰ ধনী দেশসমূহত ইতিমধ্যে ঘাতক ক’ভিড–১৯ৰ গণ টিকাকৰণ আৰম্ভ হৈছে৷ এই ক’ভিড–১৯ টিকাকৰণক লৈ গভীৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ স্বাস্থ্য বিষয়ক বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বী টেড্র’ছ আধানম গ্রেব্রেয়েছাছে ক’ভিড–১৯ ভেকচিন বিতৰণৰ বৈষম্যমূলক নীতিক লৈ গভীৰ অসন্তুষ্টি প্রকাশ কৰি এই বৈষম্যমূলক নীতিয়ে বিশ্বৰ দেশসমূহক সকীয়নি দিছে৷ ‘হু’ৰ মুৰব্বী গ্রেব্রেয়েছাছে কয় যে ক’ভিড–১৯ ভেকচিন বিতৰণৰ বৈষম্যমূলক নীতিয়ে বিশ্বলৈ ভয়াৱহ নৈতিক বিপর্যয় কঢ়িয়াই আনিব৷ বি বি চিত প্রকাশ পোৱা এক বাতৰি মতে, ‘হু’ৰ মুৰব্বীগৰাকীয়ে কয় যে দুখীয়া দেশসমূহৰ দৰিদ্র জনগণক ক’ভিড–১৯ ভেকচিন দিয়াৰ পূর্বেই ধনী দেশসমূহে যুৱ আৰু স্বাস্থ্যৱান লোকক ভেকচিন দিয়াটো সঠিক হোৱা নাই৷ তেওঁ পুনৰ কয় যে বিশ্বৰ ৪৯ ধনী দেশত ৩৯ নিযুত ভেকচিন ড’জ দিয়া হৈছে৷ ইয়াৰ বিপৰীতে এখন দুখীয়া দেশক মাত্র ভেকচিনৰ ২৫ ড’জ দিয়া হৈছে৷ এই বৈষম্যমূলক নীতি বিশ্বৰ বাবে অশনি সংকেত বুলিও কয় হুৰ মুৰব্বীগৰাকীয়ে৷ তাৎপর্যপূর্ণ যে গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপীয় সংঘৰ দেশ, ৰাছিয়া, ভাৰতকে ধৰি বিভিন্ন দেশত ক’ভিড–১৯ৰ গণ টিকাকৰণ আৰম্ভ কৰা হৈছে৷

উল্লিখিত দেশসমূহে নিজৰ নাগৰিকক প্রাধান্য দি ক’ভিড–১৯ ভেকচিন বিতৰণৰ পক্ষ লোৱা বুলি উল্লেখ কৰি মুৰব্বী গ্রেব্রেয়েছাছে কয়– মই প্রথম নীতিৰ বাবেই পিছলৈ ক’ভিড–১৯ ভেকচিনৰ মূল্য বৃদ্ধি পাব আৰু ইয়াক জমা কৰি ৰখাটোত উৎসাহিত কৰিব৷ ইয়ে মহামাৰী প্রতিৰোধ কৰাৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে৷ তাৎপর্যপূর্ণ যে হুৱে আন্তর্জাতিক পর্যায়ত ভেকচিন বিতৰণ আঁচনি ‘ক’ভেক্স’ পৰৱর্তী মাহৰ পৰা শুভাৰম্ভ কৰাৰ কথা আছে৷ বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্রিলৰ পৰাই সকলো সদস্য দেশেই ক’ভিড–১৯ ভেকচিন নিজৰ দেশত প্রয়োগ কৰাৰ প্রত্যাহ্বান হিচাপে লোৱা হৈছিল৷ ক’ভাক্স আঁচনিক লৈ ১৮০তকৈ অধিক দেশে স্বাক্ষৰ কৰিছিল৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু আন্তর্জাতিক ভেকচিন পৰামর্শকাৰী গোটৰ সমর্থনত এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ কিন্তু ধনী দেশসমূহে নিজৰ সম্বলেৰে ঔষধ নির্মাতা কোম্পানীসমূহক নিজৰ দেশৰ বাবে ভেকচিন প্রস্তুত কৰাত উৎসাহী কৰিলে আৰু দেশসমূহে ভেকচিন আৰম্ভ কৰিলে৷ ইয়ে বিশ্বজুৰি ভয়াৱহ নৈতিক বিপর্যয়ৰ সম্ভাৱনা প্রকট কৰিছে৷
ৰাছিয়াৰ দ্বিতীয়টো ভেকচিনৰ মানৱ দেহত পৰীক্ষণত ১০০ শতাংশ ফলপ্রসূ
ৰাছিয়াই দ্বিতীয়টো ভেকচিনৰ মানৱ দেহত সফল পৰীক্ষণ সমাপন কৰিলে৷ দেশখনত ইতিমধ্যে টিকাকৰণ হৈ থকা ক’ভিড–১৯ ভেকচিন স্পুটনিক–ভিৰ পাছত দ্বিতীয়টো ভেকচিন হৈছে এপিভেকক’ৰোনা৷ স্পুটনিকৰ মানৱ দেহত পৰীক্ষণৰ ফলপ্রসূতা ৯২ শতাংশ আছিল যদিও ৰাছিয়াৰ দ্বিতীয়টো ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ ফলপ্রসূতা ১০০ শতাংশ৷ ছাইবেৰীয়াৰ ভেক্টৰ ষ্টেট ৰিছার্চ চেণ্টাৰ অৱ ভায়’লজী এণ্ড বায়’টেকন’লজীৰ দ্বাৰা বিকশিত ‘এপিভেকক’ৰোনা’ যোৱা নৱেম্বৰ মাহৰ পৰাই মানৱ দেহত গণ পৰীক্ষণ আৰম্ভ কৰা হৈছিল৷ এই পৰীক্ষণৰ ফলাফল হিচাপে ‘এপিভেকক’ৰোনা’ৰ ফলপ্রসূতা ১০০ শতাংশ বুলিও ৰয়টাৰে প্রকাশ কৰিছে৷ ৰাছিয়াৰ উপ–প্রধানমন্ত্রী টাটিয়ানা গ’লিক’ভাই প্রকাশ কৰা মতে, অহা ফেব্রুৱাৰী মাহৰ পৰাই ৰাছিয়াই দ্বিতীয়টো ক’ভিড ভেকচিন ‘এপিভেকক’ৰোনা’ৰ গণ টিকাকৰণ আৰম্ভ কৰিব৷ উল্লেখ্য যে ভেক্টৰ ইনষ্টিটিউটে বিকশিত কৰা ‘এপিভেকক’ৰোনা’ৰ স্বেচ্ছাসেৱকৰ দেহত পৰীক্ষণৰ বাবে ২০২০ বর্ষৰ ২৪ জুলাইত ৰাছিয়াৰ স্বাস্থ্যমন্ত্রীয়ে অনুমতি প্রদান কৰিছিল৷ ২৭ জুলাইত প্রথমজন স্বেচ্ছাসেৱকক ভেকচিনটো প্রদান কৰা হয় আৰু সমগ্র পৰীক্ষণ প্রক্রিয়াটো ৩০ ছেপ্ঢেম্বৰত সমাপন কৰা হয়৷ উল্লেখ্য যে সম্প্রতি বিশ্বত কেইবাটাও ক’ভিড–১৯ৰ টিকাকৰণ অব্যাহত আছে৷