৬০০০ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আগ্নেয়গিৰিৰ বৃহৎ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ আইচলেণ্ডৰ এটা আগ্নেয়গিৰিত সংঘটিত হয় বৃহৎ বিস্ফোৰণ। এই বিস্ফোৰণটোৰ সম বিস্ফোৰণ প্ৰায় ৬০০০ বছৰলৈ পৃথিৱীত হোৱা নাছিল। আইচলেণ্ডৰ ৰাজধানী ৰেইকেভিক চহৰৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ দূৰত ফাগ্ৰাদালছ পৰ্বতত শুকুৰবাৰে নিশা আগ্নেয়গিৰিৰ উদ্গীৰণ হয়।

সংবাদ সংস্থা এ পিৰ এক প্ৰতিবেদন অনুসৰি, ঘটনাটোৱে সেই দেশৰ স্থানীয় লোকসকলৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি কৰে। বিগত ৭৮১ বছৰৰ মূৰত ৰেইকেভিক অঞ্চলত এই আগ্নেয়গিৰিৰ উদ্গীৰণ হয়।

আগ্নেয়গিৰিৰ পৰা বিস্ফোৰিত লাভাই ৩২ কিলোমিটাৰ আঁতৰত থকা ৰেইকেভিক চহৰক ঢুকি পোৱা নাই বাবে স্থানীয় বাসিন্দাক তাৰ পৰা আঁতৰোৱা হোৱা নাই যদিও এনে শক্তিশালী বিস্ফোৰণ ৬০০০ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে হোৱা বুলি দাবী কৰা হৈছে।