পশ্চিমবংগত বিজেপি নেতাক গুলীয়াই হত্যা

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ তিতাগড়ত শনিবাৰেনিশা অচিনাক্ত দুর্বৃত্তই বিজেপি নেতা এগৰাকীক গুলীয়াই হত্যা কৰাৰ পিছতেই সাংবিধানিক মুৰব্বী আৰু প্রশাসনিক মুৰব্বীৰ মাজত সংঘাত আৰম্ভ হৈছে৷ তিতাগড়ৰ স্থানীয় আৰক্ষী থানাৰ পৰা মাত্র কেইমিটাৰমান নিলগৰ বি টি ৰোডত মনীষ শুক্লা নামৰ বিজেপি নেতাজনক অচিনাক্ত দুর্বৃত্তই গুলীয়াই পলায়ন কৰে৷ কেইবাটাও গুলী লগা শুক্লাক ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও তাতেই মৃত্যু ঘটে৷ এই ঘটনাক লৈ ৰাজ্যখনৰ আইন–শৃংখলাজনিত পৰিস্থিতিক লৈ ক্ষুণ্ণ সাংবিধানিক মুৰব্বী ৰাজ্যপাল জগদ্বীপ ধানখড়ে মুখ্যমন্ত্রী মমতা বেনার্জী আৰু গৃহসচিব–আৰক্ষীৰ মুৰব্বীক চমন জাৰি কৰিছে৷

আজি পুৱা ১০ বজাত মুখ্যমন্ত্রী, গৃহসচিব, আৰক্ষী সঞ্চালকপ্রধানক ৰাজ্যপালৰ কার্যালয়ত উপস্থিত হ’বলৈ চমনত উল্লেখ কৰা হৈছে৷ নিশা ১১.৪০ বজাত ৰাজ্যপালৰ কার্যালয়ে টুইটযোগে তিতাগড়ৰ বিজেপি নেতা শুক্লাক নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ ৰাজ্যখনৰ পৰিস্থিতি সন্দর্ভত আলোচনা কৰাৰ বাবে মুখ্যমন্ত্রীসহ আনকেইজনক চমন জাৰি কৰা বুলি প্রকাশ কৰিছে৷

ইপিনে, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক কৈলাস বিজয়বাগদিয়াই ৰাজ্যখনৰ আৰক্ষীৰ ভূমিকাক লৈ চি বি আইৰ তদন্ত দাবী কৰিছে৷