পশ্চিমবংগৰ ক্রীড়ামন্ত্রী লক্ষ্মীৰতন শুক্লাৰ পদত্যাগ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ প্রাক্তন ক্রিকেটাৰ তথা পশ্চিমবংগৰ যুৱসেৱা আৰু ক্রিয়া বিভাগৰ ৰাজ্যিক মন্ত্রী লক্ষ্মীৰতন শুক্লাই আজি পদত্যাগ কৰিছে৷ ৰাজ্যখনৰ পৰিবহণমন্ত্রী শুভেন্দু অধিকাৰীয়ে তৃণমূল কংগ্রেছ এৰি বিজেপিত যোগদান কৰাৰ মাত্র এটা পষেকৰ পিছতেই লক্ষ্মীৰতন শুক্লাই মন্ত্রিত্ব ত্যাগ কৰা বিষয়টোক লৈ ব্যাপক চর্চা চলিছে ৰাজ্যখনত৷ ৰাজ্যিক সচিবালয়ৰ সূত্রই সদৰী কৰা অনুসৰি ইতিমধ্যে শুক্লাই পদত্যাগ পত্র মুখ্যমন্ত্রী মমতা বেনার্জীক আৰু ইয়াৰ প্রতিলিপি ৰাজ্যপাল জগদ্বীপ ধনখৰলৈ প্রেৰণ কৰিছে৷ পশ্চিমবংগ ৰঞ্জি ক্রিকেট দলৰ প্রাক্তন অধিনায়ক ৩৯ বছৰীয়া শুক্লাই ৰাজনীতিৰ পৰা অৱসৰ গ্রহণৰ ইচ্ছা প্রকাশ কৰা বুলি পদত্যাগ পত্রত উল্লেখ কৰিছে৷ হাওৰা (উত্তৰ) সমষ্টিৰ বিধায়ক শুক্লাই পুনৰ খেলত মনোনিৱেশ কৰিব বিচাৰিছে বুলিও একাংশ মহলে দাবী কৰিছে৷ লক্ষণীয়ভাৱে শুক্লাই মন্ত্রিত্ব ত্যাগ কৰিছে যদিও বিধায়ক পদ ত্যাগ কৰা নাই৷