যৌন সম্ভোগৰ সময়ত যুৱকৰ হাত-ভৰি চকীৰে বান্ধিলে মহিলাই… যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ নাগপুৰত যৌন সম্ভোগৰ সময়ত এগৰাকী মহিলাই এজন যুৱকৰ হাত-ভৰি চকীত বন্ধাৰ বাবেই মৃত্যু ঘটে ৩০ বছৰীয়া যুৱকজনৰ। সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, এজন আৰক্ষী বিষয়াই কৈছে যে মহিলাগৰাকী বিবাহিত আছিল আৰু তেওঁ যুৱকজনৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিছিল। মহিলাগৰাকী এটি শিশুৰ মাতৃও। মহিলাগৰাকীৰ সৈতে যুৱকজনৰ যোৱা পাঁচ বছৰ ধৰি সম্পৰ্ক চলি আছিল।

কিন্তু আৰক্ষীয়ে নাগপুৰৰ খাপাৰখেড়াস্থিত এটা লজত শুকুৰবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

লগতে পঢ়কঃ Air India ৰ বিমানত সকলো মহিলা পাইলট; উৰিব দীৰ্ঘতম বিমান পথত

উল্লেখ্য যে বৃহস্পতিবাৰে দুয়ো নিশা কটাবলৈ এখন লজত আছিল। যৌন সম্ভোগৰ সময়ত মহিলাগৰাকীয়ে যুৱকজনৰ হাত আৰু ভৰি নাইল’নৰ ৰচীৰে বান্ধি লৈছিল। কেৱল হাত-ভৰিতেই নহয় মহিলাগৰাকীয়ে যুৱকজনৰ ডিঙিতো ৰচীৰে বান্ধিছিল। ইপিনে যুৱকজন ৰচীৰে বান্ধ খাই থকা অৱস্থাতে মহিলাগৰাকী বাথৰুমলৈ গৈছিল। আৰু তেতিয়াই যিখন চকীত যুৱকজনক বান্ধি ৰখা হৈছিল সেই চকীখনৰ পৰা যুৱকজন অসাৱধানবশতঃ পৰি যায়। ফলত যুৱকজনৰ ডিঙিত বন্ধা ৰচীডাল টান হৈ মৃত্যু ঘটে যুৱকজনৰ।

ইফালে মহিলাগৰাকী বাথৰুমৰ পৰা ওলাই আহি লজখনৰ কৰ্তৃপক্ষক খবৰ দিয়ে। পাছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকী আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ আগত মহিলাগৰাকীয়ে তেওঁৰ অবৈধ সম্পৰ্কৰ বিষয়ে স্বীকাৰ কৰিছে। অৱশ্যে, উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ পিছত, ভাৰতত ২০১৮ চনৰ পৰা বিবাহ বর্হিভূত সম্পর্কক অপৰাধ বুলি গণ্য কৰা নহয়।

লগতে পঢ়কঃ পত্নীলৈ মৰমঃ স্বামীয়ে বুক কৰিলে এখন বিমান…কিন্তু ক’ত?