বিশ্বৰ সবাতোকৈ বয়োজ্যেষ্ঠ নতুন মানুহগৰাকী, দীৰ্ঘায়ু জীৱনৰ গোপন মন্ত্ৰ কি বুলি ক’লে

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ ফ্ৰান্সৰ এগৰাকী সন্ন্যাসিনী (নান), যিগৰাকী এতিয়া বিশ্বৰ সবাতোকৈ বয়োজ্যেষ্ঠ মানুহ। ১১৮ বছৰীয়া মহিলাগৰাকীৰ নাম ছিষ্টাৰ এণ্ড্ৰে। দীৰ্ঘায়ু জীৱনৰ গোপন মন্ত্ৰ কি দিলে তেখেতে, জানেনে? প্ৰতিদিনে এগিলাছ ৱাইন আৰু চকলেট হ’ল দীৰ্ঘায়ু জীৱনৰ মূল মন্ত্ৰ। গীনিজ বিশ্ব বুকে তেখেতক শেহতীয়াকৈ বিশ্বৰ সবাতোকৈ বয়োজ্যেষ্ঠগৰাকী বুলি স্বীকৃতি দিছে। ছিষ্টাৰ এণ্ড্ৰেই ইতিমধ্যেই ইউৰোপৰ আটাইতকৈ বয়সীয়াল ব্যক্তি বুলি স্বীকৃত হৈছিল। কিন্তু জাপানৰ কানে তানাকাৰ মৃত্যুৰ পাছত তেখেতেই হৈ উঠিছে বিশ্বৰ ভিতৰতে সবাতোকৈ বয়োজ্যেষ্ঠ। ছিষ্টাৰ এণ্ড্ৰেই ১৯০৪ চনৰ ১১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল। ১৯৪৪ চনৰ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত তেখেতে ‘নান’ হৈ উঠে। যোৱা ১২ বছৰ ধৰি ছিষ্টাৰ এণ্ড্ৰেই নাৰ্ছিংহোম এখনত আছে।