ব্ৰীকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিললৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

এইবাৰ ব্ৰীকছ সন্মিলনৰ মুখ্য বিষয় হৈছে উদ্ভাৱনী ভৱিষ্যৎৰ বাবে আৰ্থিক বৃদ্ধি।

নিউজ ডেস্ক, 12 নৱেম্বৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদনীয়া কাৰ্যসূচীৰে ১১ সংখ্যক ব্ৰীকছ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ ব্ৰাজিলৈ ৰাওনা হৈছে।
ব্ৰীকছ শিখৰ সন্মিলন ১৩-১৪ নৱেম্বৰলৈকে ব্ৰাজিলত আয়োজন কৰা হৈছে । এইবাৰ ব্ৰীকছ সন্মিলনৰ মুখ্য বিষয় হৈছে উদ্ভাৱনী ভৱিষ্যৎৰ বাবে আৰ্থিক বৃদ্ধি। প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃত্তিত প্ৰকাশ যে প্ৰধান মন্ত্ৰী মোডীয়ে ষষ্ঠ বাৰৰ বাবে ব্ৰীকছ সন্মিলনত অংশগ্ৰহণ কৰিব।

BRAZILBRICIS SUMMITPM MODI