মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ শাসন

মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ প্ৰস্তাৱত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।

নিউজ ডেস্ক ১২ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ প্ৰস্তাৱত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। উল্লেখ্য যে যোৱা ২৪ অক্টোবৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছত এতিয়ালৈকে কোনো এটা দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই। বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হোৱাৰ পিছত ৰাজ্যপালে শিৱসেনাক ২৪ ঘণ্টাৰ ভিতৰত বহুমত গঠন কৰি চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰিছিল যদিও শিৱসেনাও চৰকাৰ গঠন কৰিবলৈ সফল নহল। ইফালে শিৱসেনাই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছে।

IMPOSEDMAHARASHTRAPRESIDENT RULE