বিহাৰত কংগ্রেছৰ ৩০জন তাৰকা প্রচাৰক

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ প্রচাৰৰ বাবে কংগ্রেছে ৩০গৰাকী তাৰকা প্রচাৰকৰ তালিকা  মুকলি কৰি দিছে৷ এই প্রচাৰকসকলে বিহাৰত নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি কংগ্রেছৰ বিজয় নিশ্চিত কৰিবলৈ প্রচেষ্টা চলাব৷

তাৰকা প্রচাৰকসকলৰ ভিতৰত আছে দলৰ শীর্ষ নেত্রী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী, শত্রুঘ্ণ সিন্হা আৰু প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং৷ লক্ষণীয়ভাৱে কংগ্রেছে বিহাৰ বিধানসভা নির্বাচনৰ বাবে ছটাকৈ নির্বাচনী কমিটী গঠন কৰিছে৷ দলৰ নির্বাচন সমন্বয়ৰক্ষী কমিটীৰ মুৰব্বী হিচাপে ৰখা হৈছে ৰাষ্ট্রীয় মুখপাত্র ৰণদ্বীপ সিং সূর্যেৱালাক৷

স্মর্তব্য যে ৫টা দলৰ সৈতে মহাজোঁটত অংশগ্রহণ কৰি বিহাৰত নির্বাচনী যুদ্ধত অৱতীর্ণ হৈছে কংগ্রেছ৷মহাজোঁটৰ অন্য দলকেইটা হৈছে আৰ জে ডি, বিকাশশীল ইনচান পার্টী (ভিআইপি), চি পি আই(এম), চি পি আই আৰু চি পি আই (এমএল)৷ অৱশ্যে আসনৰ ভাগ–বাটোৱাৰাৰ বিষয়টো লৈ মহাজোঁটে এতিয়াও কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ কংগ্রেছে তাৰকা প্রচাৰকসকলৰ তালিকা ঘোষণা কৰি আগন্তুক দিনবোৰত প্রচাৰ অভিযান তীব্রতৰ কৰাৰ ইংগিত দিছে৷