বিলাহী খেতিত লোকচান, ৫০টা লেপটপ চুৰি যুৱকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ছেপ্টেম্বৰঃ কাম কৰে বেংগালুৰুৰ এটা তথ্য প্রযুক্তি (আইটি) কোম্পানীত৷ কিন্তু ক’ৰোনাৰ সময়ৰ পৰা চৰম বিত্তীয় সংকটত ভুগিছিল যুৱকজনে৷ সেইবাবে আৰম্ভ কৰিছিল বিলাহীৰ খেতি৷ কিন্তু বিলাহী উৎপাদন কৰিও উপযুক্ত মূল্য নাপালে মুৰুগেশ এম নামৰ যুৱকজনে৷ বিলাহীৰ খেতি কৰিবলৈ গৈ লোকচান হ’ল ২৫ লাখ টকা৷ সেইবাবে কর্মৰত কার্যালয়ৰ২৫টা লেপটপ চুৰি কৰে মুৰুগেশে৷ কিন্তু ধৰা পৰি এতিয়া ৰঙাঘৰত এই যুৱকজন৷ সংবাদ সূত্রই সদৰি কৰা অনুসৰি ২৯ বছৰীয়া মুৰুগেশে তামিলনাডুৰ হোছুৰৰ পৰা বিচিএ স্নাতক ডিগ্রী লাভ কৰিছিল৷ ইয়াৰ পাছত বেংগালুৰুৰ হোৱাইটফিল্ড মাল্টিমিডিয়া সংস্থাত ছিষ্টেম এডমিনিষ্ট্রেটৰ হিচাপে কামত যোগ দিয়ে মুৰুগেশে৷ সংস্থাটোৰ অভিযোগ অনুসৰি কিছু দিনৰ ভিতৰত কার্যালয়ত মজুত থকা এটাৰ পাছত এটাকৈ লেপটপ অন্তর্ধান হৈছে৷ হঠাতে এদিন মুৰুগেশে কামলৈ অহা বন্ধ কৰি দিয়ে৷ তেতিয়াই সংস্থাটোৰ বিষয়াৰ সন্দেহ হয় মুৰুগেশৰ ওপৰত৷ লগে লগে চিচি টিভিৰ ফুটেজৰ ভালদৰে পৰীক্ষা কৰি চোৱা হয়৷ কর্তৃপক্ষ নিশ্চিত হৈ পৰে যে লেপটপ চুৰিত মুৰুগেশৰ হাত আছে৷ ইয়াৰ পাছতে থানাত অভিযোগ দাখিল কৰা হয় মুৰুগেশৰ বিৰুদ্ধে৷ আৰক্ষীয়ে তদন্তত নামি মুৰুগেশক তামিলনাডুৰ হোছুৰৰ এটা চিনেমা হলত আটক কৰে৷ হোছুৰৰ পৰা বেংগালুৰুলৈ লৈ অহা হয় মুৰুগেশক৷ আৰক্ষীৰ জেৰাত মুৰুগেশে ৫০টা লেপটপ চুৰি কৰা বুলি স্বীকাৰ কৰে৷ লেপটপবোৰ বাহিৰত বিক্রী কৰি দিছিল যুৱকজনে৷ অৱশ্যে এতিয়ালৈকে ৫টা লেপটপহে উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ এতিয়াও ঘটনাৰ তদন্ত চলি আছে৷ আৰক্ষীৰ জেৰাত মুৰুগেশে উল্লেখ কৰে যে বিলাহীৰ খেতি কৰিবলৈ গৈ তেওঁৰ ২৫ লাখ টকা লোকচান হৈছিল৷ বিভিন্ন ব্যক্তিৰ পৰা ঋণ ল’বলগীয়া হৈছিল মুৰুগেশে৷ সেই ধন পৰিশোধ কৰিবলৈ কোনো ধৰণৰ পথ নথকাৰ বাবে কর্মৰত কার্যালয়ৰ লেপটপবোৰ চুৰি কৰাৰ সিদ্ধান্ত লৈছিল বুলি মুৰুগেশে আৰক্ষীৰ জেৰাত উল্লেখ কৰিছে৷ ঋণ পৰিশোধ কৰা দূৰৈৰ কথা এতিয়া কাৰাগাৰত দিন কটাবলগীয়া হৈছে মুৰুগেশে৷

Featured