ভাৰতৰ কর্মস্থলীত পীড়িত ৯০% কর্মচাৰী, ৪০% অসন্তুষ্ট

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ বিশ্বজুৰি কর্মচাৰীৰ মানসিক স্বাস্থ্য আৰু কল্যাণৰ আধাৰত যুগুতোৱা ২০২৪ গেলাপ ষ্টেট অৱ দ্য গ্ল’ৱেল ৱর্কপ্লেছ প্রতিবেদনত ভাৰতীয় কর্মচাৰীৰ উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ গেলাপৰ প্রতিবেদনত ভাৰতীয় কর্মচাৰীসকলৰ দুর্দশাজনক স্থিতি এটা পোহৰলৈ আহিছে৷ প্রতিবেদন মতে ভাৰতৰ মাত্র ১৪ শতাংশ কর্মচাৰীৰহে জীৱন সমৃদ্ধিশালী হৈছে৷ ইয়াৰ বিপৰীতে প্রায় ৯০ শতাংশ কর্মচাৰীৰ জীৱন সংগ্রামৰত কিম্বা পীড়িত৷ প্রতিবেদন মতে, যিসকল কর্মচাৰীৰ বর্তমানৰ স্থিতি ইতিবাচক, তেনে কর্মচাৰীক ৭ অথবা তাতকৈ অধিক ৰেট দিয়া হৈছে আৰু এনে কর্মচাৰীৰ ভৱিষ্যৎ ৫ বছৰ আশাব্যঞ্জক হিচাপে ধৰি সমৃদ্ধিশালী বুলি শ্রেণী বিভক্ত কৰা হৈছে৷ প্রতিবেদনত সমৃদ্ধিশালী, সংগ্রামৰত আৰু পীড়িত হিচাপে তিনিটা শ্রেণীত ভাগ কৰা হৈছে৷ বর্তমানৰ স্থিতি আৰু ভৱিষ্যৎ আশাব্যঞ্জক নোহোৱা কর্মচাৰীৰ ক্ষেত্রত নেতিবাচক প্রভাৱ পৰাৰ ওপৰত গুৰুত্ব দি এনে শ্রেণীত সংগ্রামৰত অথবা পীড়িত হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷ কর্মচাৰীজনৰ মানসিক চাপ, বিত্তীয় সংকট আদিক প্রাধান্য দি সংগ্রামৰত অথবা পীড়িত হিচাপে চিনাক্ত কৰা হৈছে৷ মন কৰিবলগীয়া যে ভাৰতৰ প্রায় ৯০ শতাংশ কর্মচাৰীয়েই সংগ্রামৰত অথবা পীড়িত হৈ আছে৷ এই প্রতিবেদনত দক্ষিণ এছিয়া অঞ্চলৰ অধিকাংশ কর্মচাৰীয়েই সংগ্রামৰত অথবা পীড়িতৰ শ্রেণীত আছে৷ আন্তর্জাতিক পর্যায়ত সমৃদ্ধিশালী জীৱন কটোৱা ১৯ শতাংশ হাৰৰ বিপৰীতে দক্ষিণ এছিয়া অঞ্চলত এই হাৰ ১৪ শতাংশ৷ লক্ষণীয় যে প্রতিবেদনত ভাৰতীয় কর্মচাৰীৰ ৩৫ শতাংশই কর্মক লৈ ক্ষুণ্ণ হৈ থকাটো উল্লেখ কৰিছে৷ ৩২ শতাংশ ভাৰতীয় কর্মচাৰীয়ে প্রতিদিনে মানসিক চাপ পাই থাকে৷ আনহাতে, ভাৰতীয় কর্মচাৰীয়ে কর্মস্থলীত পৃথিৱীৰ আন দেশৰ তুলনাত প্রত্যাহ্বানৰ সন্মুখীন হৈ থাকিবলগীয়া হয়৷

Featured