পুনৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা পদত অজিত ডোভাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ দেশৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) হিচাপে একেৰাহে তৃতীয়বাৰ অজিত ডোভালক পুনৰ বাহাল ৰখাৰ সিদ্ধান্ত ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মোদী চৰকাৰে এক বিবৃতি প্রকাশ কৰি ৭৭ বছৰীয়া ডোভালৰ পুনৰ নিয়োগৰ কথা সদৰী কৰিছে৷ উল্লেখনীয় যে এই বিবৃতি অনুসৰি যোৱা ১০ জুনৰ পৰাই কার্যকৰী হৈছে ডোভালৰ পুনৰ নিয়োগ৷ ২০১৪ চনত প্রধানমন্ত্রী হোৱাৰ পিছতে প্রাক্তন চোৰাংচোৱা বিষয়া ডোভালক ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা পদলৈ আনিছিল নৰেন্দ্র মোদীয়ে৷ ইয়াৰ পিছতে ৰাষ্ট্রীয় আৰু আন্তর্জাতিক ক্ষেত্রত সন্ত্রাস দমনত ডোভালৰ নেতৃত্বত পদক্ষেপ গ্রহণ কৰে মোদী চৰকাৰে৷ ২০১৬ চনত উৰিত সন্ত্রাসবাদী আক্রমণৰ পাছত ডোভালৰ নেতৃত্বতেই পাক অধিকৃত কাশ্মীৰত ছার্জিকেল ষ্ট্রাইক চলাইছিল ভাৰতীয় সেনাই৷ সেই সময়ত এই ছার্জিকেল ষ্ট্রাইকে মোদী চৰকাৰলৈ আনি দিছিল জনপ্রিয়তা৷ ইয়াৰ পিছত ২০১৭ চনত ডোকলামত ভাৰত–চীন যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ডোভালৰ হস্তক্ষেপতেই এই পৰিস্থিতি ক্ষান্ত হয়৷ পাকিস্তানৰ বালাকোটত আক্রমণৰ মাষ্টাৰমাইণ্ডো আছিল ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল৷

Featured