আম্বানিৰ ঘৰৰ পোহনীয়া কুকুৰ ‘হেপী’-এ ঘূৰে ৪ কোটিৰ গাড়ীত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : অলপতে বিবাহপাশত আবদ্ধ হৈছে অনন্ত আম্বানি আৰু ৰাধিকা মার্চেণ্ট৷ মুকেশ আম্বানিৰ পুত্র আৰু ৰাধিকাৰ বিয়াত সমগ্র দেশবাসীৰ নজৰ বন্দী হৈছে৷ দেশ–বিদেশৰ কোন কোন চামিল হৈছিল, তেওঁলোকে কি পোছাক পৰিধান কৰিছিল, সকলো দেখা গৈছিল ছ’চিয়েল মিডিয়াত৷ এই বিবাহ অনুষ্ঠানতেই বিলাসী পোছাক পৰিধানেৰে বিশেষ ভংগিমাত দেখা গৈছিল আম্বানি পৰিয়ালৰ পোহনীয়া কুকুৰ হেপীক৷ হেপীয়ে যিখন গাড়ীত ঘূৰে, সেই কথা জানিলে চকু কপালত উঠিব সাধাৰণ জনতাৰ৷ আম্বানি পৰিয়ালৰ সদস্য হেপী গ’ল্ডেন ৰিট্রিভাৰ প্রজাতিৰ কুকুৰ৷ অনন্তৰ পশু–পক্ষীৰ প্রতি আছিল যথেষ্ট মৰম৷ কিন্তু হেপী সমগ্র পৰিয়ালটোৰেই অতি আদৰৰ৷ একপ্রকাৰ ক’বলৈ গ’লে মুকেশ আম্বানিয়ে সন্তানৰ দৰে মৰম কৰে হেপীক৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিভিন্ন অনুষ্ঠানত চামিল হয় হেপী৷ ৰাজকীয় বিয়াতো হেপীৰ উপস্থিতিয়ে নজৰ কাঢ়িছিল বিভিন্নজনৰ৷ হেপীৰ বাবে আছে সুকীয়া গাড়ী৷ আম্বানিৰ গেৰেজত আছে এখন মার্চিডিজ বেঞ্জ জি–৪০০ ডি৷ গাড়ীখনৰ দাম চাৰি কোটি টকা৷ এই গাড়ীখন কেৱল হেপীৰ বাবে ৰাখিছে মুকেশ আম্বানিয়ে৷ এই গাড়ীখনত উঠিয়েই বিভিন্ন স্থানলৈ যায় হেপীয়ে৷ ইয়াৰ পূর্বে ফর্চুনাৰ গাড়ীত গাড়ী ফুৰিছিল হেপীয়ে৷ অকল গাড়ীয়েই নহয়, অনন্তৰ সৈতে বিশেষ বিমানতো ঘূৰি ফুৰে হেপীয়ে৷ হেপীক চোৱাচিতা কৰাৰ বাবে বিশেষ ব্যৱস্থা ৰাখিছে আম্বানি পৰিয়ালে৷ স্মর্তব্য যে অনন্ত আম্বানি এজন পশুপ্রেমী৷ প্রায় ৫ হাজাৰ পথ কুকুৰক চোৱাচিতাৰ দায়িত্ব পালন কৰিছে অনন্ত আম্বানিয়ে৷ এসময়ত নীতা আম্বানি কৈছিল যে অনন্তৰ ৫ হাজাৰ কুকুৰ আছে৷ কিন্তু পৰিয়ালৰ বাবে আছে মাত্র হেপী৷ হেপীক নিজৰ সন্তান বুলিও অভিহিত কৰিছিল নীতা আম্বানিয়ে৷ ধনকুবেৰ মুকেশ আম্বানিৰ পোহনীয়া কুকুৰৰ এই ৰাজকীয় অৱস্থাক লৈ বিভিন্ন মহলত ব্যাপক চর্চা চলিছে৷ স্মর্তব্য যে দেশৰ প্রথম শ্রেণীৰ আমোলায়ো হেপীৰ দৰে জীৱন কটাব পৰা নাই৷

Featured