ভাৰত-বাংলা সীমান্তৰ দক্ষিণ শালমাৰা মানকাচৰত কৰায়ত্ত বাংলাদেশী নাগৰিক

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত কৰায়ত্ত হোৱা এজন বাংলাদেশী নাগৰিকক আজি সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)য়ে বোৰ্ডাৰ গাৰ্ড বাংলাদেশ (বিজিবি)ৰ হাতত গতাই দিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে এয়া সদৰী কৰিছে বিএছএফে। জানিব পৰা মতে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত ৪৫ বিএন বিএছএফৰ জোৱানে আজি বাংলাদেশী নাগৰিক এজন সীমান্ত পাৰ হোৱা দেখি ল’গে ল’গে লোকজনক কৰায়ত্ত কৰে। সোধাপোচাৰ অন্তত ভুলবশতঃ সীমা অতিক্ৰম কৰা বুলি স্পষ্ট হোৱাৰ পিছত সেই বাংলাদেশী নাগৰিকজনক বাংলাদেশৰ সীমান্তত নিয়োজিত বিজিবিক গতাই দিয়ে বিএছএফে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured