নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ছেপ্টেম্বৰঃ ভাৰত আৰু বাংলাদেশৰ আন্তর্জাতিক সীমান্তত থকা কাঁটা তাঁৰৰ মাজেদিয়েই চলা চোৰাং ব্যৱসায় আৰু অনুপ্রৱেশ প্রতিৰোধৰ বাবে বিএছএফে অভিনৱ পন্থা গ্রহণ কৰিছে৷ বিএছএফৰ কঠোৰ পহৰাৰ মাজতো সীমান্তৰে গৰুকে ধৰি বিভিন্ন সামগ্রীৰ চোৰাং ব্যৱসায় চলি থকাৰ লগতে চুবুৰীয়া দেশখনৰ পৰা অনুপ্রৱেশ চলি আহিছে৷ এই চোৰাং ব্যৱসায়ী আৰু অনুপ্রৱেশ প্রতিৰোধ কৰাৰ বাবে কাঁটা তাৰৰ বেৰত মৌবাহ সাজি মৌ পালন আৰম্ভ কৰিছে বিএছএফে৷ পশ্চিমবংগৰ নদিয়া জিলাৰ কাদিপুৰ গাঁৱত ভাৰত–বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰৰ বেৰত কাঠৰ বাকচত মৌ বাহ সাজি মৌ পালন কৰিছে বিএছএফে৷ স্থানীয় বাসিন্দাৰ সহযোগত এই মৌ পালন কৰি বিএছএফে বিগত কেইবামাহত চোৰাং ব্যৱসায় আৰু অনুপ্রৱেশ হ্রাস কৰিবলৈ সক্ষম হৈছে বুলিও বিএছএফৰ সূত্রত প্রকাশ পাইছে৷ বাকচ আর্হিৰ মৌ বাহত মৌ পুহি তাৰ পৰা মৌ উলিয়ওৱাৰ প্রক্রিয়াও বিএছএফে কার্যকৰী কৰি আছে৷ বিএছএফৰ ৩২সংখ্যক বেটেলিয়নে নদিয়া জিলাৰ ভাৰত–বাংলাদেশৰ আন্তর্জাতিক সীমান্তৰ ৪৬ কিঃমিঃজোৰা কাঁটা তাঁৰৰ বেৰত এটা নির্দিষ্ট দূৰত্বত মৌ বাহ সাজিছে৷ এনে দূৰত্বত মৌ বাহ সাজিছে যাতে তাৰ মাজেৰে কোনো কাৰণতে অসাধু চক্রই চোৰাং ব্যৱসায় চলাই থাকিব নোৱাৰে৷ ঠিক তেনেদৰে বাংলাদেশৰ পৰা ভাৰতত অবৈধ লোকে প্রৱেশ কৰিব নোৱাৰাক লৈ কাঁটা তাঁৰৰ দুটা খুঁটাৰ মাজত ব্যৱধান ৰাখি মৌ বাহসমূহ সাজি ৰখা হৈছে৷ ৩২সংখ্যক বেটেলিয়নৰ কমাণ্ডেণ্ট সুজিত কুমাৰে প্রকাশ কৰা মতে চৰকাৰৰ ভাইব্রেণ্ট ভিলেজ ইনিচিয়েটিভৰ অধীনত ২০২৩ চনৰ নৱেম্বৰ মাহত এই মৌ পালন প্রক্রিয়া আৰম্ভ কৰিছে৷ কাঁটা তাঁৰৰ বেৰ কাটি গৰুকে ধৰি বিভিন্ন চোৰাং ব্যৱসায় আৰু অবৈধ লোকৰ প্রৱেশ এই মৌ পালন কৰাৰ পাছৰে পৰা হ্রাস পাইছে৷ লক্ষণীয় যে কাঁটা তাঁৰৰ বেৰত মৌ বাহ সাজি মৌ পালন কৰাৰ বাবে বি এছএফৰ জোৱানসকলক মৌ পালনৰ প্রশিক্ষণো দিয়া হৈছে৷ এই প্রশিক্ষণৰ জৰিয়তেই সীমান্তত পহৰাৰত বিএছএফৰ জোৱানসকলে সঠিকভাৱে কাঁটা তাঁৰৰ বেৰত মৌ পালন কৰিবলৈ সক্ষম হৈছে৷ বিএছএফৰ এনে অভিনৱ পদক্ষেপৰ বাবে চোৰাং ব্যৱসায় আৰু অনুপ্রৱেশ হ্রাস পোৱা বুলি কদিপুৰ গাঁৱৰ স্থানীয় বাসিন্দাই স্বীকাৰ কৰিছে৷ কাঁটা তাঁৰৰ বেৰ কাটি সীমান্তৰে চলি থকা বে–আইনী কার্যকলাপ হ্রাস পোৱা বুলি জ্যোতি মণ্ডল নামৰ কদিপুৰৰ বাসিন্দা এজনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ সীমান্তৰ সিপাৰৰ পৰা চলি থকা বে–আইনী কার্যকলাপৰ পৰিপ্রেক্ষিতত সীমান্তৰ সমীপৰ গাঁওসমূহৰ মহিলা আৰু শিশু সুৰক্ষিত হৈছে বুলিও সুকুমাৰ বিশ্বাস নামৰ হুদা দিগম্বৰপুৰৰ বাসিন্দা এজনে প্রকাশ কৰিছে৷