চলন্ত ট্রাকত তিনি মটৰচাইকেল আৰোহীয়ে চলালে লুটপাত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে’ : মধ্যপ্রদেশত চলন্ত ট্রাকৰ পৰা মটৰচাইকেলৰ তিনি আৰোহীয়ে লুটপাত চলোৱা ভিডি’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বলীউডৰ চিনেমাৰ ষ্টাইলত মটৰচাইকেলত অহা আৰোহীয়ে ট্রাকখনৰ পিছফালে এজনৰ পিছত আনজন ট্রাকৰ ওপৰলৈ উঠি গৈ থাকে আৰু আন এজনে বাইকখন চলাই গৈ থাকে৷ ট্রাকৰ ওপৰত উঠি এজনে এজনে ট্রাকখনৰ পৰা বয়বস্তু তললৈ পেলাই দিয়ে৷ সামাজিক মাধ্যমত প্রচাৰিত এই ভিডিঅ’টোৱে সম্প্রতি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ মন কৰিবলগীয়া যে আগ্রা–মুম্বাই ঘাইপথৰ দেৱাছ–চাজাপুৰ পথত এই ঘটনাটো সংঘটিত হৈছে৷ ৰাস্তাটোৰে গৈ থকা কাৰ এখনে এই ভিডি’টো ৰেকর্ডিং কৰি সামাজিক মাধ্যমত প্রচাৰ কৰিছে৷ এই লুটপাতৰ দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত স্থানীয় আৰক্ষীয়ে ঘটনা সন্দর্ভত অনুসন্ধান আৰম্ভ কৰিছে৷ চাজাপুৰ জিলাৰ আৰক্ষী বিষয়া ভীমসিং পেটেলে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে কিছুদিন পূর্বে মধ্যপ্রদেশত এনেধৰণৰ আন দুটা ঘটনা সংঘটিত হৈছে৷ আৰক্ষীয়ে এই ঘটনাক গুৰুত্বসহকাৰে লৈ বাইক আৰোহী লুটপাতকাৰীক চিনাক্ত কৰি কৰায়ত্ত কৰাৰ বাবে তদন্ত চলাই আছে৷ বলীউড ছবিৰ দৰে বাইক আৰোহীয়ে চলন্ত ট্রাকত ডকাইতিৰ ঘটনা সম্প্রতি চর্চাৰ বিষয় হৈ উঠিছে৷

Featured