৩০ আগষ্টত ৰাঁচীত বিজেপিত যোগদান চম্পাই ছোৰেনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ আগষ্টঃ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে বিজেপিত যোগদান কৰিব। এই সন্দৰ্ভত আজি তেওঁ নিজৰ মৌনতা ভংগ কৰিলে। চম্পাই ছোৰেনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ওপৰত তেওঁৰ বিশ্বাস আছে। আমি বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি এটা নতুন অধ্যায় আৰম্ভ কৰিছোঁ। চম্পাই ছোৰেনে কয় যে আমি অৱসৰ লোৱাৰ কথা ভাবিছিলোঁ, কিন্তু জনতাৰ তাগিদাৰ বাবে মই ৰাজনীতিত আছোঁ। চম্পাই ছোৰেনৰ বিজেপিত যোগদান কৰাটো শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাৰ বাবে এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে। একে সময়তে চম্পাই ছোৰেনক ডাঙৰ জনজাতীয় নেতা হিচাপে দলত অন্তৰ্ভুক্ত কৰি বিজেপিয়ে উৎফুল্লিত হৈ পৰিছে। প্ৰায় এমাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই কালি দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহক সাক্ষাৎ কৰে চম্পাই ছোৰেনে। এই সময়ত ঝাৰখণ্ড বিজেপিৰ সহ-ভাৰপ্ৰাপ্ত তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে। উল্লেখ্য যে ৩০ আগষ্টত ৰাঁচীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ছোৰেনে।

Featured