মুছলমানৰ বাবে কংগ্রেছে আনিব বিচাৰিছে সংৰক্ষণ : ড০ হিমন্ত বিশ্ব শৰ্মা

👉তেলেংগানাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰ অভিযান

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ ৰাজস্থানৰ পিছত তেলেংগানাতো ধাৰাবাহিক নির্বাচনী প্রচাৰ অভিযানত নামি পৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ হায়দৰাবাদত নির্বাচনী সভাৰ লগতে এক বৃহৎ নির্বাচনী ৰেলীতো অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই নির্বাচনী সভাতে মুখ্যমন্ত্রীৰ ঘোষণা– নতুন ভাৰতত নিষিদ্ধ হ’ব লাগে তালাক আৰু বহু বিবাহ৷ নির্বাচনী সভাত মুখ্যমন্ত্রী ড০ শর্মাই কে চি আৰ কংগ্রেছক তীব্র সমালোচনা কৰি কয় যে এই চৰকাৰখন কেৱল বিজ্ঞাপনৰ চৰকাৰ৷ প্রতিশ্রুতি অনুসৰি নিযুক্তি দিব নোৱাৰা চৰকাৰখনে কেৱল ঋণ লৈয়েই ৰাজ্য চলাইছে৷ আনহাতে, এক বিশেষ সম্প্রদায়ক তুষ্টিকৰণত নামি পৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে মুছলমানৰ বাবে কেচিআৰ কংগ্রেছে আই টি পার্ক স্থাপন কৰিব বিচাৰিছে৷ মুছলমানৰ বাবে কংগ্রেছে সংৰক্ষণ আনিব বিচাৰিছে৷ একমাত্র বিজেপিৰ বাহিৰে সকলোৱে এটা সম্প্রদায়ৰ তুষ্টিকৰণতহে নামি পৰিছে৷ হিন্দুৰ কাৰণে কেচিআৰ তথা কংগ্রেছে কি কৰিব বিচাৰিছে তাক কিন্তু এতিয়ালৈ প্রকাশ কৰা নাই৷ নির্বাচনী সভাত মুখ্যমন্ত্রীয়ে বিজেপিয়ে শাসনলৈ আহিলে ৩০ মিনিটৰ ভিতৰতে হায়দৰাবাদৰ নাম সলনি কৰি ভাগ্য নগৰ কৰা হ’ব বুলিও উল্লেখ কৰে৷ মন কৰিবলগীয়া যে ১১৯খন বিধানসভাৰ আসন থকা তেলেংগানাত ৩০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ৩ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব৷

#বাৰ্তা ডেস্ক

Featured