বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ তেলেংগানা বিধানসভা নির্বাচনত প্রচাৰ অভিযান অব্যাহত ৰখা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ৰাজ্যখনৰ পার্কোলত প্রচাৰ চলোৱাৰ লগতে এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ সমর্থক আৰু দলীয় কার্যকর্তাই বিপুলভাৱে আদৰণি জনোৱা মুখ্যমন্ত্রীগৰাকীক চাবলৈ আজি ৰাজপথত যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ ইফালে, নির্বাচনী প্রচাৰ অভিযানতে পুনৰবাৰ কে চি আৰৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্রী ড০ শর্মা৷ এক নির্বাচনী সভাত মুখ্যমন্ত্রীগৰাকীৰ ঘোষণা– তেলেংগানাত বিজেপি চৰকাৰ হ’লে চাৰি শতাংশ সংৰক্ষণ প্রদান কৰা হ’ব দলিত–পিছপৰাসকল্৷ তেলেংগানা একমাত্র ৰাজ্য, য’ত মুছলমানসকলক চাৰি শতাংশ সংৰক্ষণ দিয়া হৈছে৷ যদি মুছলমানসকলক সংৰক্ষণ দিব পাৰে, তেন্তে হিন্দুসকলক কিয় সংৰক্ষণ দিয়া হোৱা নাই৷ বিজেপি চৰকাৰ গঠন হ’লে সংখ্যালঘু সংৰক্ষণ চাৰি শতাংশ আঁতৰাই পিছপৰা, দলিত–জনজাতীয় শ্রেণীক প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো অভিযোগ কৰে যে তেলেংগানা ৰাজ্য গঠনৰ সময়ত কে চি আৰে ঘোষণা কৰিছিল যে ৰাজ্যখনত অনুসূচিত জাতিৰ লোক মুখ্যমন্ত্রী হ’ব, কিন্তু সেই ঘোষণা ঘোষণাতে থাকিল৷ অনুসূচিত জনজাতি লোকসকলক সকলো সুবিধাৰ পৰা বঞ্চিত কৰা হ’ল৷ উল্লেখ্য যে অহা ৩০ নৱেম্বৰত তেলেংগানা বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ ১১৯খন আসনৰ বাবে হ’বলগা এই নির্বাচনত এইবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷
#বাৰ্তা ডেস্ক