ওড়িশাত ড০ হিমন্ত বিশ্ব শর্মাৰ মেগা নির্বাচনী প্রচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মে’ : বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ওড়িশাত লোকসভা আৰু বিধানসভা নির্বাচনৰ প্রচাৰ অভিযান চলায়৷ ৰাজ্যখনৰ মলকনগিৰিৰ নৱৰংপুৰ লোকসভা সমষ্টি, চিত্রাকন্দা আৰু আছকা লোকসভাৰ খল্লিকটত তিনিখন হাইভল্টেজ প্রচাৰ সভাত অংশ গ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কৰ জনবিৰোধী কাম-কাজৰ তীব্র সমালোচনা কৰে৷ নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰ ওড়িশাত বিজেপিৰ চৰকাৰ হ’বই বুলি উল্লেখ কৰি কয় যে অহা ১০ জুনত ৰাজ্যখনত বিজেপি চৰকাৰৰ মুখ্যমন্ত্রীয়ে শপতগ্রহণ কৰিব৷ সেই শপতগ্রহণত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে আমিও উপস্থিত থাকিম৷ সেইদিনাই কেন্দ্রত প্রধানমন্ত্রী নৰেন্দ্র মোদী পুনৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ বাবে আৰু ওড়িশাত বিজেপি চৰকাৰ গঠনৰ বিজয় উৎসৱ পালন কৰিম৷ ওড়িশাত যোৱা চাৰিটাকৈ কার্যকাল নবীন পাটনায়কে শাসন কৰিলে যদিও ৰাজ্যখনৰ বিকাশৰ বাবে একো নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নিবনুৱা, মহিলাসকলৰ বিকাশৰ বাবে, কৃষকৰ বিকাশৰ বাবে পাটনায়কে একো নকৰিলে৷ ওড়িশাৰ জনসাধাৰণক পাটনায়কে কোনো গুৰুত্ব নিদিলে৷ এইবাৰ ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হ’লেই ৩.৫০ লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব৷ বর্তমান ৰাজ্যখনত ৫০ হাজাৰ চৰকাৰী চাকৰিৰ পদ খালী হৈ আছে৷ কিন্তু পাটনায়ক চৰকাৰে সেই খালী পদ পূৰণৰ কোনো ব্যৱস্থাই নকৰিলে৷ ইয়াৰ বিপৰীতে বিজেপিৰ চৰকাৰ গঠন হ’লেই সম্পূর্ণ মেধাৰ ভিত্তিত ৩.৫০ লাখ নিবনুৱাক নিযুক্তি দিয়া হ’ব৷ প্রথম দুবছৰৰ ভিতৰতে ১.৫০ লাখ নিবনুৱাক নিযুক্তি দিয়া হ’ব৷ সেইদৰে ৰাজ্যখনৰ মহিলাসকলে ৫০ হাজাৰ টকাকৈ দিয়াৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দুটা কিস্তিত এই ধন প্রদান কৰা হ’ব৷ অসমত মহিলাসকলক প্রতিমাহে ১,২৫০ টকা, ছত্তিশগড়ত ১,০০০ টকা, মধ্যপ্রদেশত ১,২০০ টকাকৈ দিয়াৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিশাসিত প্রতিখন ৰাজ্যতে বেলেগ বেলেগ নামত মহিলাসকলৰ সৱলীকৰণৰ বাবে এই ধন আদায় দি আহিছে৷ ওড়িশাত যিহেতু আজিলৈকে মহিলাসকলে চৰকাৰৰ পৰা একো লাভ কৰা নাই, সেয়ে তেওঁলোকক বিজেপি ৰাজ্যখনৰ শাসনলৈ আহিলেই ৫০ হাজাৰ টকাকৈ প্রদানৰ ব্যৱস্থা কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে ওড়িশাত যথেষ্ট বঙালী লোক আছে যদিও বিদ্যালয়সমূহত বঙালী ভাষাৰ শিক্ষক নথকাৰ প্রসংগত কয় যে ৰাজ্যখনত বিজেপি দলৰ চৰকাৰ গঠন হ’লেই বঙালী ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ ওড়িশাত আজিলৈ বিজেপিৰ চৰকাৰ হোৱা নাই বাবেই সেয়া হৈ উঠা নাই বুলিও ভাষণত উল্লেখ কৰে৷ সেইদৰে অসম চৰকাৰে চৰকাৰী খৰচত এক লাখ লোকক ৰাম মন্দিৰলৈ নিয়াৰ সিদ্ধান্ত লোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ওড়িশাত বিজেপিৰ চৰকাৰ ক্ষমতালৈ আহিলে ৰাজ্যখনৰ ৫ লাখ লোকক চৰকাৰী খৰচত ৰাম মন্দিৰলৈ নিয়া হ’ব৷ সেইদৰে ওড়িশাত ধানৰ নূ্যনতম সমর্থন মূল্য ৩,১০০ টকা কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রতিশ্রুতি দিয়ে৷ ওড়িশাত আজিলৈকে জিলাই জিলাই মেডিকেল কলেজ স্থাপন নোহোৱা কার্যৰো সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ওড়িশাতকৈ সৰু ৰাজ্য অসমে এতিয়ালৈ ২৩খন জিলাত চৰকাৰী মেডিকেল কলেজ স্থাপন কৰিছে৷ ওড়িশাৰ জগন্নাথ মন্দিৰৰ ব্যৱস্থাপনাৰ প্রসংগতো মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা কাতি মাহত তেওঁ জগন্নাথ মন্দিৰ দর্শন কৰিবলৈ আহিছিল৷ কিন্তু তাত সু–ব্যৱস্থাপনা নাই৷ ওড়িশাত এইবাৰ বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে কাশী–বিশ্বনাথৰ দৰে জগন্নাথ মন্দিৰৰো সু–ব্যৱস্থাপনা কৰা হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দলক তীব্র সমালোচনা কৰি কয় যে দেশৰ সংবিধানত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে৷ কিন্তু কংগ্রেছশাসিত ৰাজ্যসমূহত অ’বিচিৰ সংৰক্ষণৰ শিতানৰ পৰা ৪ৰ পৰা ৬ শতাংশ মুছলমানৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ অথচ আমাৰ দেশত ধর্মৰ আধাৰত সংৰক্ষণৰ কোনো ব্যৱস্থা নাই৷ পূর্বৰ নির্বাচনসমূহত কংগ্রেছে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা কেতিয়া হ’ব বুলি প্রশ্ণ কৰিছিল৷ কিন্তু এইবাৰৰ নির্বাচনত কংগ্রেছে সেই প্রশ্ণ কৰিব পৰা নাই৷ কাৰণ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজ হাতেৰে ইতিমধ্যে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা কৰিলে৷ আনহাতে এইবাৰ লোকসভা নির্বাচনত উত্তৰ–পূবৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সর্বাধিক আসন পাব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঝাৰখণ্ড, বিহাৰ, ওড়িশা, উত্তৰ প্রদেশ আৰু অসমৰ পৰাই মোদীয়ে বহুত আসন লাভ কৰিব৷ আগতে উত্তৰ প্রদেশ, গুজৰাট, মহাৰাষ্ট্রই মোদীক সর্বাধিক আসন দিছিল৷ এইবাৰ ওড়িশাতো বিজেপিয়ে ১৮ৰ পৰা ২০খন আসনত জয়লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ ইফালে কাইলৈ মুখ্যমন্ত্রী ড০ শর্মাই মমতা বেনার্জীৰ দুর্গ পশ্চিমবংগত নির্বাচনী ৰণডংকা বজাব৷ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ ভীমপুৰ হাইস্কুলৰ কাষৰ পৰা ভীমপুৰ বজাৰলৈ এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰাৰ লগতে ব্যাৰাকপুৰ লোকসভাৰ অন্নপূর্ণা আৰু হুগলি লোকসভাৰ কামাৰপাৰাত দুখন বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷

Featured