ফৰিদাবাদত পানীত ডুবিল স্কুলবাছঃ কথমপি প্ৰাণৰক্ষা কেইবাটিও শিশুৰ

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ধাৰাসাৰ বৰষুণৰ ফলত আজি হাৰিয়ানাৰ ফৰিদাবাদত বানপানীত ডুব যোৱা আণ্ডাৰপাছত আবদ্ধ হৈ পৰে শিশুসহ এখন স্কুল বাছ। প্ৰায় ১:৩০ ঘণ্টা ধৰি আৱদ্ধ হৈ আছিল ল’ৰা-ছোৱালীকেইটা। এই ঘটনাটোত কোনো লোক আহত হোৱাৰ খবৰ পোৱা হোৱা নাই যদিও এক ভয়াৱহ ঘটনাৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ল আৰক্ষী আৰু ওচৰৰ স্থানীয় লোকসকলৰ তৎকালীন সহায়ৰ বাবে। এই সঁহাৰিৰ বাবে কোনো ধৰণৰ বিপজ্জনক দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল আৰু সকলো ল’ৰা-ছোৱালী ৰক্ষা পৰিল। আৰক্ষীৰ মতে, ফৰিদাবাদৰ এন এইচ পি চি চ’কৰ সমীপত অৱস্থিত ৰে’লৱে আণ্ডাৰপাছত পানী জমা হোৱাৰ বাবে বাছখন ডুবি যায়। যদিও মহানগৰীত এনেদৰে বৰষুণত বাহন আবদ্ধ হৈ পৰাটো প্ৰথমবাৰৰ বাবে নহয়, তথাপিও প্ৰশাসনে নলা-নৰ্দমা ব্যৱস্থাটো ঠিক কৰাৰ বাবে কোনো প্ৰকৃত প্ৰচেষ্টা চলোৱা নাই যাতে পানী ক্ষিপ্ৰতাৰে উলিয়াব পৰা যায়। ঘটনাস্থলীত উপস্থিত থকা এজন আৰক্ষী বিষয়াই কয় যে, “যেতিয়া আমি ঘটনাৰ তথ্য লাভ কৰিলোঁ, আমি ততাতৈয়াকৈ অঞ্চলটোলৈ গ’লোঁ, আৰু আংশিকভাৱে বানপানীত ডুব যোৱা স্কুল বাছখনৰ পৰা শিশুসকলক উলিয়াই অনা হয়।” বাছখন এতিয়াও সেই ঠাইতে আছে, আৰু বাছখন পানীৰ পৰা উলিয়াই আনিবলৈ ক্ৰেনৰ ব্যৱস্থা কৰা হৈছে।

Featured