মহাৰাষ্ট্রত ‘গুলাবী গেঙ’ক লৈ ব্যাপক চর্চা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ক’ভিড–১৯ নির্দেশনাৱলী উলংঘা কৰা লোকক শাস্তি দিবলৈ মহাৰাষ্ট্রৰ জালগাঁৱত মহিলাই গঠন কৰিছে ‘গুলাবী গেং’৷ একাংশ মহিলাই গুলপীয়া শাড়ী পৰিধান কৰি হাতত লাঠী লৈ জালগাঁৱত ক’ভিড প্রতিৰোধী নির্দেশনাৱলী মানি চলিবলৈ জনসাধাৰণক সতর্কবাণী কৰি আহিছে৷ কোনোবাই মাস্ক পৰিধান, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিলে লাঠীৰে তেনে লোকক এশিকনি দিছে এই গুলাবী গেঙে৷

চৰকাৰে জাৰি কৰা নির্দেশনাৱলী উলংঘা কৰা লোকক গুলাবী গেঙে জৰিমনাও বিহিছে৷ মহিলাসকলৰ উদ্দেশ্য হৈছে জালগাঁৱৰ পৰা সম্পূর্ণৰূপে মহামাৰীক প্রতিৰোধ কৰিব৷ শেহতীয়াকৈ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত এনে ব্যৱস্থা গ্রহণ কৰি সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে গুলাবী গেঙে৷ স্মর্তব্য যে চৰকাৰে মহাৰাষ্ট্রত ক’ভিড প্রতিৰোধী প্রট’কল মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাই আহিছে যদিও বাৰে বাৰে ক’ভিড প্রট’কল উলংঘা কৰি আহিছে একাংশ লোকে৷ এই লোকসকলক সমুচিত শাস্তি বিহাৰ উপৰি মহামাৰী সন্দর্ভত সজাগতা সৃষ্টিৰ বাবে গুলাবী গেঙে গ্রহণ কৰা ব্যৱস্থাক বিভিন্ন মহলে প্রশংসা কৰিছে৷ আনকি মহাৰাষ্ট্র চৰকাৰেও এনে কার্যক ভূয়সী প্রশংসা কৰিছে৷