২ লাখ পুলি ৰোপণ হাৰিয়ানাৰ বৃক্ষ মানৱখ্যাত কনিষ্টবল দেৱেন্দৰ চূড়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জুনঃ পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ কৰি বিৰল নিদর্শন দেখুৱাইছে হাৰিয়ানাৰ এগৰাকী আৰক্ষী কনিষ্টবলে৷ আৰক্ষী কনিষ্টবল দেৱেন্দৰ চূড়াই সোনীপটত ২ লাখতকৈ অধিক গছপুলি ৰোপণ কৰি নৱপ্রজন্মক পৰিৱেশ সংৰক্ষণক লৈ অনুপ্রেৰণা যোগাই আহিছে৷ পৰিৱেশ সংৰক্ষণৰ বাবে অহোপুৰুষার্থ কৰি থকা আৰক্ষী কনিষ্টবল চূড়াক হাৰিয়ানাৰ বৃক্ষ মানৱ হিচাপে স্বীকৃতি দিয়া হৈছে৷ আৰক্ষী কনিষ্টবল দেৱেন্দৰ চূড়াই ২০১১ চনত চণ্ডীগড়ত কর্মৰত হৈ থকা সময়ত সেউজ ধৰণী দেখি অভিভূত হৈ পৰিছিল আৰু ধৰিত্রী মাতৃৰ বাবে কিবা কাম কৰিবলৈ তেওঁৰ মনত ভাব জাগিছিল৷ চণ্ডীগড়ৰ সেউজ আৱৰণে চূড়াক তেওঁৰ গৃহ জিলাকো একেই ৰূপত সজাই তুলিবলৈ অনুপ্রেৰণা যোগাইছিল৷ ২০১২ চনত হাৰিয়ানাৰ সোনীপটত আৰক্ষী কনিষ্টবল চূড়াই গছপুলি ৰোপণৰ অভিযান আৰম্ভ কৰে৷ সেইমর্মে তেওঁ এক পৰিকল্পনা কৰি চহৰখনত পদ্ধতিগতভাৱে গছপুলি ৰোপণৰ মন মেলে আৰু ইয়াকেই তেওঁৰ জীৱনৰ লক্ষ্য হিচাপে মানি লয়৷ প্রকৃতিক সেউজীয়া কৰি ৰাখিবলৈ তেওঁ ২০১২ চনত গছপুলি ৰোপণ আৰম্ভ কৰি আজিলৈকে অকলেই ২ লাখতকৈ অধিক গছৰ পুলি ৰোপণ কৰিছে আৰু ই এতিয়া ডাঙৰ হৈ প্রকৃতিক সেউজীয়া কৰি তুলিছে৷ পৰিৱেশ সংৰক্ষণৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি গছপুলি ৰোপণ কৰি পৰিৱেশৰ চেম্পিয়ন হিচাপে স্বীকৃতি লাভ কৰিছে৷ হাৰিয়ানাৰ প্রাক্তন মন্ত্রী দর্শনা জার্ডোছে চূড়াৰ এই মহান কামক স্বীকৃতি দি তেওঁক অধিক উৎসাহিত কৰিছিল৷

Featured