CAAৰ অধীনত ১৮৮ পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি CAAৰ (নাগৰিকত্ব সংশোধনী বিধেয়ক) অধীনত ১৮৮জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে। ইয়াৰ মাজতে আহমেদাবাদত আয়োজন কৰা এক কাৰ্যসূচীতো ৰাইজক সম্বোধন কৰে। তেওঁ কয়, “যেতিয়া বাংলাদেশ বিভাজিত হৈছিল, তেতিয়া তাত ২৭ শতাংশ হিন্দু আছিল, আজি ৯ শতাংশ। ক’লৈ গৈছে ইমান হিন্দু। চুবুৰীয়া দেশৰ পৰা হিন্দু বুলি কোৱা হৈছিল। আমি ২০১৯ চনত CAA লৈ আহিছিলোঁ। CAAৰ বাবে কোটি কোটি হিন্দু, জৈন আৰু শিখ ধৰ্মৰ লোকে নাগৰিকত্ব পাব।” অমিত শ্বাহে আৰু কয় যে CAA সন্দৰ্ভত মুছলমানক উচটনি দিয়া হৈছিল। CAA আইনে কাৰো নাগৰিকত্ব কাঢ়ি লোৱা নাই। একাংশ ৰাজ্য চৰকাৰে CAAক লৈ মানুহক বিপথে পৰিচালিত কৰিছে। CAA সন্দৰ্ভত ইণ্ডি এলায়েন্স আৰু কংগ্ৰেছে শৰণাৰ্থীসকলক বিপথে পৰিচালিত কৰিছে।