আইচক্রীমত ওলাল মানুহৰ হাতৰ কটা আঙুলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ উৎকট গৰমত উশাহ ল’ব নোৱাৰা অৱস্থা৷ সেইবাবে এখন দোকানৰ পৰা আইচক্রীম অর্ডাৰ কৰিছিল মুম্বাইৰ এজনী যুৱতীয়ে৷ কিন্তু আইচক্রীমৰ পেকেট খোলাৰ লগে লগে চকু কপালত উঠিল যুৱতীগৰাকীৰ৷ আইচক্রীমৰ এটা কোণত দেখা গ’ল মানুহৰ হাতৰ কটা আঙুলি এটা৷ কোনোমতে নিজকে চম্ভালি লৈ মালাড থানাত অভিযোগ দাখিল কৰিছে এই যুৱতীয়ে৷ সংবাদ সংস্থা পিটিআই সূত্রই সদৰী কৰা অনুসৰি পেছাত চিকিৎসক এই যুৱতীগৰাকী পশ্চিম মালাডৰ বাসিন্দা৷ কালি দুপৰীয়া যুৱতীগৰাকীয়ে স্থানীয় দোকানৰ পৰা এক নামী কোম্পানীৰ আইচক্রীম অর্ডাৰ কৰিছিল অনলাইনত৷ কিন্তু আইচক্রীমত কামোৰ বহুৱাবলৈ যোৱাৰ মুহূর্ততে যুৱতীগৰাকীৰ চকুত পৰিল কটা আঙুলিটো৷ নখসহ এই আঙুলিটো দেখি যুৱতীগৰাকীৰ চিৎকাৰ কৰি উঠে৷ এই আইচক্রীমৰ ভিডিঅ’ বনাই তাক ছ’চিয়েল মিডিয়াত প’ষ্ট কৰাৰ পিছতে সেয়া ভাইৰেল হৈ পৰে৷ ইয়াৰ পিছতে যুৱতীগৰাকীয়ে মালাড থানাত গৈ এই সন্দর্ভত অভিযোগ দাখিল কৰে৷ যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত সংশ্লিষ্ট কোম্পানী আৰু দোকানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ অৱশ্যে কোম্পানীৰ তৰফৰ পৰা এই সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷

Featured