নাগপুৰত ৩০০ কোটি টকাৰ সম্পত্তিৰ বাবে শহুৰেকক হত্যা বোৱাৰীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ ৩০০ কোটি টকাৰ সম্পত্তিৰ লালসাত শহুৰেকক ভাৰাতীয়া হত্যাকাৰীক নিয়োগ কৰি গাড়ীৰে খুন্দিয়াই হত্যা কৰে৷ এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে নাগপুৰত৷ পৰিয়ালৰ ৩০০ কোটি টকাৰ সম্পত্তি হস্তগত কৰিবলৈ অর্চনা মনীষ পুত্তেৱাৰ নামৰ মহিলাগৰাকীয়ে শহুৰেক পুৰুষোত্তম পুত্তেৱাৰক গাড়ীৰে খুন্দিয়াওৱাৰ ষড়যন্ত্রৰ জাল ৰছে৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই ৮২ বছৰীয়া পুৰুষোত্তম পুত্তেৱাৰক বোৱাৰী মনীষাই অতি ষড়যন্ত্রমূলকভাৱে হত্যা কৰা বুলি নিশ্চিত কৰে৷ ইয়াৰ পিছত যোৱা সপ্তাহত নগৰ পৰিকল্পনা বিভাগৰ সহকাৰী সঞ্চালক অর্চনা মনীষ পুত্তেৱাৰক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ এগৰাকী আৰক্ষী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি, অর্চনাই শহুৰেকক গাড়ীৰে খুন্দিয়াবলৈ কেইবাজনো লোকক ১ কোটি টকা আদায় দিছিল৷ এখন ছেকেণ্ডহেন গাড়ী ক্রয় কৰি তেওঁৰ শহুৰেকক যাতে খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে তাৰ বাবে নিয়োগ কৰা লোকক এই বৃহৎ পৰিমাণৰ ধন আদায় দিছিল অর্চনাই৷ উল্লেখনীয় যে এয়া এক দুর্ঘটনাৰ ৰূপ দিব বিচৰা হৈছিল৷ শহুৰেকৰ ৩০০ কোটি টকাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ ৫৩ বছৰীয়া অর্চনাই এই জাল পেলাইছিল যদিও সফল নহ’ল৷ স্বামীৰ গাড়ীচালক বাগদে আৰু নিৰাজ তথা শশীন নামৰ তিনিজনক লৈ শহুৰেকক হত্যাৰ পৰিকল্পনা কৰিছিল মহিলাগৰাকীয়ে৷ কিন্তু আৰক্ষীয়ে বাগদে তথা আন দুই অভিযুক্তক গ্রেপ্তাৰ কৰাৰ পিছত চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ তথ্য পোহৰলৈ আহিছে৷ ইতিমধ্যে আৰক্ষীয়ে অর্চনাৰ লগতে আন তিনি অভিযুক্তক গ্রেপ্তাৰ কৰাৰ উপৰি দুখন গাড়ী, কেইবাটাও মোবাইল ফোন আৰু বহু লাখ টকাৰ সোণৰ অলংকাৰ জব্দ কৰিছে৷ উল্লেখনীয় যে পুৰুষোত্তম পুত্তেৱাৰে হাস্পতালত অসুস্থ পত্নীৰ খবৰ লৈ উভতি অহাৰ সময়ত তেওঁক গাড়ীৰে খুন্দিওৱা হৈছিল৷

Featured