অগ্নিগর্ভ মণিপুৰত ৫ দিনলৈ বন্ধ ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ছেপ্টেম্বৰঃ মণিপুৰ পুনৰ ৰক্তাক্ত৷ উত্তৰ–পূব ভাৰতৰ এই গুৰুত্বপূর্ণ ৰাজ্যখনত পুনৰ হিংসাৰ জুই দাওদাওকৈ জ্বলি উঠিছে৷ এনে পৰিস্থিতিত পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হ’ল ৰাজ্যখনত৷ ১৫ ছেপ্টেম্বৰলৈকে ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে গৃহ বিভাগে৷ ইয়াৰ উপৰি তিনিখন জিলা পূব ইম্ফল, পশ্চিম ইম্ফল আৰু থৌবালত জাৰি কৰা হৈছে সান্ধ্য আইন৷ অভিযোগ অনুসৰি কুকি সম্প্রদায়ৰ সন্দেহজনক উগ্রপন্থীয়ে ৰাজ্যজুৰি ড্রোন আৰু ৰকেটেৰে আক্রমণ চলাইছে৷ ইতিমধ্যে ছেপ্টেম্বৰ মাহটোৰ আৰম্ভণিতে আক্রমণত নিহত হৈছে আঠগৰাকী লোক৷ ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হৈছে অন্য ১২জন৷ জিৰিবামসহ ৰাজ্যখনৰ একাধিক স্থানত ড্রোন আৰু ৰকেটেৰে দুর্বৃত্তই আক্রমণ চলোৱাৰ অভিযোগ উঠিছে৷ ইম্ফলৰ পশ্চিম প্রান্তত কেইবাখনো গাঁৱত অগ্ণিসংযোগ কৰা হৈছে৷ দেওবাৰে পশ্চিম ইম্ফল জিলাত এক প্রতিবাদী সমাৱেশ নিয়ন্ত্রণ কৰিবলৈ গুলীচালনা কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ এই গুলীচালনাৰ পিছতে পৰিস্থিতি ভয়াৱহ হৈ পৰে৷ লক্ষণীয় যে ৰাজ্যখনৰ এনে অগ্নিগর্ভ পৰিস্থিতিৰ বাবে কেন্দ্রীয় চৰকাৰক দোষাৰোপ কৰি মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্রণৰ দায়িত্ব ৰাজ্যিক প্রশাসনৰ হাতত তুলি দিব লাগে বুলি দাবী জনাইছে মণিপুৰৰ শিক্ষার্থীসকলে৷ শিক্ষার্থীয়ে উলিয়াইছে প্রতিবাদী সমদল৷ ইফালে ইম্ফলৰ পথ উত্তপ্ত কৰে শিক্ষার্থীসকলে৷ হিংসাৰ বিৰুদ্ধে আৰু বিদ্যালয় বন্ধৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে প্রতিবাদী শিক্ষার্থীয়ে৷

Featured