গুৱাহাটীৰ চিটী চেণ্টাৰ-নেহৰু ষ্টেডিয়ামত আইপিএলৰ টিকট কেন্দ্র মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মে’ : অহা জুনত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগা টি–২০ বিশ্বকাপ ক্রিকেটৰ ভাৰতীয় দলত ৰাজস্থান ৰয়েলছৰ চাৰিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে৷ ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ লগতে অপেনাৰ যশস্বী জয়ছোৱাল, স্পীনাৰ যুজবেন্দ্র চাহাল আৰু পেচবলাৰ আভেশ খানে (ৰিজার্ভ) বি চি চি আয়ে ঘোষণা কৰা টি–২০ বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ প্রথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭সংখ্যক আই পি এলত এতিয়ালৈকে খেলা নখন মেচৰ আঠখনতে জয়লাভ কৰি ১৬ পইণ্টৰে তালিকাৰ শীর্ষত আছে৷ এনে এক ইতিবাচক পৰিৱেশৰ মাজতে দলটোৰ চাৰিগৰাকী ক্রিকেটাৰে টি–২০ বিশ্বকাপ ক্রিকেটৰ ভাৰতীয় দলত স্থান লাভ কৰা সন্দর্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰে কয় ‘আমি অবিশ্বাস্যভাৱে আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ চাৰিজনকৈ ক্রিকেটাৰে বিশ্বৰ আটাহতকৈ ডাঙৰ আন্তঃৰাষ্ট্রীয় টি–২০ প্রতিযোগিতাত জাতীয় দলৰ হৈ খেলাৰ বাবে নির্বাচিত হৈছে৷ আমাৰ অধিনায়ক সঞ্জু ছেমছনকে ধৰি টীম হণ্ডিয়াত স্থান লাভ কৰা চাৰিওজন খেলুৱৈয়ে চলিত আই পি এলত ৰয়েলছৰ হৈ অনবদ্য প্রদর্শন কৰি উচ্চতম পর্যায়ত নিজৰ যোগ্যতা প্রমাণ কৰিছে৷ আমি নিশ্চিত যে তেওঁলোকে বিশ্বকাপতো সমগ্র দেশকে গৌৰৱান্বিত কৰিব৷’ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে ১৫ মে’ত গুৱাহাটীৰ প্রথম মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্রিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাহট ৰাইডার্ছৰ৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব৷ ইফালে, গুৱাহাটীত হ’বলগা দুয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জৰিয়তে টিকট মুকলি কৰাৰ পিছত এতিয়া মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্রহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটী চেণ্টাৰ মল (দিনৰ দুই বজাৰ পৰা) আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্র মুকলি কৰা হৈছে য’ত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্রয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱাসকলে এই দুটা কেন্দ্রত টিকট সংগ্রহ কৰিব পাৰিব৷ বিপৰীতে, পূর্বৰ দৰেই বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈও টিকট ক্রয় কৰিব পাৰিব৷ লিংকটো হ’ল

https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

Featured